পৃষ্ঠা:অনিমা গুহ.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুখ্যাত নাৎসীসকল আত্মগোপন কৰিবলৈ পলাই গৈছিল একেখন আমেৰিকালৈ। বংগবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ কেইজনমান হত্যাকাৰী এতিয়াও লুকাই আছে আমেৰিকাত। আন দেশত এইদৰে বহিৰাগত সোমালে পিটি লাচ বনালেহেঁতেন, নহ'লে খেদি উলিয়াই দিলেহেঁতেন। ইয়াৰ বিপৰীতে কেইদিনমান ইফালে সিফালে ঘূৰাঘুৰি কৰি, বসবাস কৰাৰ অনুমতি যোগাৰ কৰি বহিৰাগতসকল একো একোটা অঞ্চলত পেট পেলাই বহি যায়।

 আগতে আমাৰ দেশৰ পৰা জীৱিকাৰ সন্ধানত গৈছিল কম বয়সীয়া মানুহ। আন দেশৰ পৰা যোৱা সকলো আছিল ডেকা। তাত ভালদৰে খোপনি পোতাৰ পাছত লৈ গৈছিল পত্নী-পুত্ৰ-কন্যাসকলক। সাধাৰণতে মাক-দেউতাক নিজৰ দেশতে থাকিছিল। সাম্প্ৰতিককালত বাপেক-মাকৰ পৰা আৰম্ভ কৰি অঙহী-বঙহী সকলোকে লৈ যাবলৈ ধৰিছে।

 ১৯৭০ চনৰ পাছত ইউৰোপত জন্মগ্ৰহণ কৰা ৬৫ বছৰৰ ওপৰৰ মানুহৰ সংখ্যা আমেৰিকাত কমি আধালৈ নামি আহিছে। ইয়াৰ বিপৰীতে আমেৰিকালৈ অহা এনে বয়সৰ এছিয়া আৰু লেটিন আমেৰিকাত ওপজা মানুহৰ সংখ্যা দহগুণ বাঢ়িছে। অৰ্থাৎ ইউৰোপৰ পৰা বয়সীয়া মানুহৰ নতুন প্ৰব্ৰজন বিশেষ হোৱা নাই। বিপৰীতে এছিয়া আৰু লেটিন আমেৰিকাৰ পৰা হৈয়ে আছে। বুঢ়া-বুঢ়ীৰে ভৰি পৰিছে আমেৰিকা।

 এটা সমীক্ষামতে কেলিফ'ৰ্নিয়াৰ ফ্ৰিমণ্ট নামৰ ঠাই এখনত এসময়ত শতকৰা ৭৬ জনেই আছিল ককেচীয় অৰ্থাৎ চাহাব। আজি তাৰ আধা সংখ্যক মানুহ এছিয়াৰ আৰু ১৪ শতাংশ লেটিন আমেৰিকাৰ। ভগনীয়া হিচাপে অহাসকলৰ আধা আফগান।

 ফ্ৰিমণ্টৰ এসময়ৰ সৌন্দৰ্য চৰ্চাৰ কলেজখনত প্ৰতিষ্ঠা কৰিছে এটা মছজিদ। চিনেমা হল এটা ৰূপান্তৰিত হৈছে বলিউড মাল্টিপ্লেক্সলৈ। বেংকত পাতিছে আফগান মাৰ্কেট। আনকি বাটৰ নাম পৰ্যন্ত সলনি কৰি নতুন নাম দিছে গুৰদ্বাৰা ৰোড। বুঢ়া বয়সত ঘৰ-দুৱাৰ এৰি আধা বিশ্ব অতিক্ৰম কৰি অচিনাকি ঠাই এখনলৈ ঢাপলি মেলাসকলৰ অৱস্থা হয়গৈ অতি শোচনীয়। এওঁলোকৰ অধিকাংশই আমেৰিকাৰ নাগৰিকত্ব পোৱা ডেকাসকলৰ মাক-দেউতাক। তেওঁলোকো আহে পৰিয়ালৰ লগত জীৱনটো সুখেৰে কটাবলৈ। ইতিমধ্যে কোৱা হৈছে জ্যেষ্ঠ নাগৰিক হিচাপে এওঁলোকে বহু সা-সুবিধা পায়। কিন্তু এওঁলোকৰ একাংশই নিঃসংগ জীৱন কটাবলগীয়া হয়। বয়সীয়া বহিৰাগতসকলৰ ভিতৰত শতকৰা সত্তৰজনেই ইংৰাজী নকয়, গাড়ী চলাব নাজানে। নিজৰ চিনাকি পৰিবেশ এৰি বিদেশ নালাগে নিজৰ দেশৰে আন ঠাইত কৰ্মবিহীন

বাকীছোৱা জীৱন /২৬৯