পৃষ্ঠা:অনিমা গুহ.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰিছে। ঘৰৰ পৰা ওলাবলৈ মন নকৰে। এনে অৱস্থাত ক'লৈকো যোৱা সম্ভৱ নহয়। মোৰ আন এটা মনৰ ইচ্ছা অপূৰ্ণ হৈয়ে থাকিব। মোৰ গাড়ী-ঘোঁৰা, টকা-পইচা, ভাল এটা ঘৰ, কাপোৰ-কানি বা আ-অলংকাৰৰ প্ৰতি অলপো আকৰ্ষণ নাই। কিন্তু নতুন নতুন ঠাই চোৱাৰ তীব্ৰ ইচ্ছা। সেই ইচ্ছা মোৰ কিছু পূৰ্ণ হৈছে যদিও ইউৰোপলৈ যোৱা নহ'ল। গৃহস্থ যেতিয়া কৰ্মসূত্ৰে গৈছিল তেতিয়া নিজৰ পইচাৰে ময়ো যোৱা সম্ভৱ নাছিল। পুত্ৰই দেখুৱাব বুলি কয় যদিও সময়-সুবিধা নহয়। বৰ্তমানে বাৰ্ধক্যই হেঁচি ধৰাত ঘৰৰ পৰা ওলোৱাই হৈছে সমস্যা। চাহাবৰ দেশৰ বুঢ়া-বুঢ়ীবোৰক ডেম্কেয়াৰ হৈ ঘূৰি-ফুৰা দেখিলে আচৰিত হওঁ। পঁচাশী বছৰীয়া মেমে হাতীত উঠি কাজিৰঙা অভয়াৰণ্যত বন্যপ্ৰাণী উপভোগ কৰে। তেওঁলোকৰ মানসিক শক্তি সঁচাই প্ৰশংসনীয়।

 বিদেশীসকলে নিজৰ বয়স বাঢ়িছে বুলি সম্ভৱ নাভাবে। যিমান দিন জীয়াই থাকে প্ৰতিটো মুহূৰ্ত উপভোগ কৰে। আমাৰ মাহঁতৰ যুগত ছোৱালী আছিল কুৰিতে বুঢ়ী। তাৰ পাছত যেনিবা বুঢ়া হোৱাৰ সময়টো অলপ পিছুৱাই গ’ল। কিন্তু পঁচাশী বছৰীয়াই হাতীত উঠি অভয়াৰণ্য চলাথ কৰিব ই যেন গছ গৰু উঠা কথা।

আজব দেশ : এসময়ত কোৱা হৈছিল All roads lead to Rome. বৰ্তমান যুগত ধাৰণা হয় All roads lead to United States of America. চাইচিতি ধাৰণা হয় দেশখনত যেন আমেৰিকানসকলতকৈ বাহিৰা মানুহে বেছি। ১৪৯২ খ্ৰীষ্টাব্দত কলম্বাচ চাহাবে পদাৰ্পণ কৰাৰ পাছৰে পৰা নতুন এই ভূখণ্ডত প্ৰব্ৰজনৰ যি সোঁত আৰম্ভ হৈছিল তাৰ গতি এতিয়াও স্তব্ধ হোৱা নাই। প্ৰথম ফালে গৈছিল ইউৰোপ, ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মানুহ। এতিয়া গৈ আছে চীন, ভাৰত, পাকিস্তান, বাংলাদেশ, কোৰিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ আমেৰিকা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ। সম্প্ৰতি ভুটিয়াসকলো গৈ আছে।

 এওঁলোকৰ কিছুমানে যায় দাৰিদ্ৰ্যৰ তাড়নাত, কিছুমানে যায় সোণালী সপোন- American Dream দিঠকত পৰিণত কৰিবলৈ, কিছুমানে আকৌ যায় ৰাজনৈতিক কাৰণে। প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত আছে দুখীয়াৰ পৰা ৰজা-মহাৰজালৈ, আছে সাধুৰ পৰা অপৰাধ জগতৰ লগত লেটিপেটি থকা অসৎ ব্যক্তিলৈ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় বিচাৰি ইহুদীসকল গৈছিল আমেৰিকালৈ, আনহাতে যুদ্ধ শেষ হোৱাৰ পাছত শাস্তিৰ হাতৰ পৰা বাচিবলৈ

বাকীছোৱা জীৱন / ২৬৭