পৃষ্ঠা:অনিমা গুহ.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেৰিয়েটৰ প্ৰথাগত শিক্ষা-দীক্ষা নথকাৰ বিপৰীতে প্ৰভাবশালী উচ্চশিক্ষিত শ্বেতাংগ উইলিয়াম ছিবাৰ্ড আছিল প্ৰেছিডেণ্ট আব্ৰাহাম লিংকনৰ (১৮০৯-১৮৬৫) সহকৰ্মী। ১৮৬৩ চনৰ ১ জানুৱাৰী তাৰিখে লিংকনে কুখ্যাত দাসপ্ৰথা তুলি দি সকলো মানুহক চিৰদিনৰ বাবে মুক্ত বুলি ঘোষণা কৰিছিল। তেওঁৰ এই মহৎ কীৰ্তিয়ে একাংশ মানুহৰ স্বাৰ্থত আঘাত হনাৰ ফলত ঘাতকৰ হাতত লিংকন নিহত হৈছিল আৰু ছিবাৰ্ড হৈছিল আহত। এওঁ আছিল লিংকনৰ বৈদেশিক সচিব।

 ছিৱাৰ্ডৰ প্ৰাসাদোপম গৃহৰ আটালত লুকুৱাই ৰখা হৈছিল পলাতক ক্ৰীতদাসসকলক। এলিজাবেথ কেডি ষ্টেনটন আৰু হেৰিয়েট টাবমেনৰ কৰ্ম তথা বাসস্থান দৰ্শন কৰিবলৈ আহি উইলিয়াম ছিৱাৰ্ডৰ সুসংৰক্ষিত প্ৰাসাদতো সোমাইছিলো। সমগ্ৰ দেহত এটা শিহৰণ অনুভৱ কৰিছিলো পলাতক ক্ৰীতদাসসকলক লুকুৱাই ৰখা আটালটো দেখি। তেওঁৰ লাইব্ৰেৰীটোও চাবলগীয়া। সেই লাইব্ৰেৰীৰ দহ হেজাৰ কিতাপ আজিও সুৰক্ষিত অৱস্থাত আছে। শ্বেলফত প্ৰথমতে মোৰ চকুত পৰিছিল গ্ৰে’জ এনাটমীখন। হয়তো সেইখন পাঠ কৰি তেওঁ উপলব্ধি কৰিছিল শাৰীৰিক দিশৰ পৰা মানুহে মানুহে কোনো পাৰ্থক্য নাই।

 ঐতিহাসিক স্থান, গৃহ আদি পশ্চিমৰ মানুহে বিনষ্ট হ’বলৈ নিদিয়ে, সংৰক্ষণ কৰি ৰাখে ভৱিষ্যৎ প্ৰজন্মৰ বাবে। মিছৰ, ইউৰোপ, ব্ৰিটেইনৰ সভ্যতা প্ৰাচীন। সংৰক্ষিত সকলো সৌধ আৰু কীৰ্তিসমূহ যুগ যুগ ধৰি অতীতৰ ইতিহাস বহন কৰি আছে। সেই তুলনাত আজিৰ আমেৰিকা শিশু। বয়স ছশ বছৰমান। কিন্তু তাৰে ভিতৰত ঘটি যোৱা ইতিহাসৰ কুটা এডালো ল’ৰ-চৰ হ’বলৈ দিয়া নাই। ফলত দেখা পালো ফিংগাৰ লেক অঞ্চলৰ ইতিহাস বিজড়িত গৃহবোৰ, দেখিছো পট’মাক নৈৰ পাৰত বিস্তীৰ্ণ এলেকা জোৰা মাউণ্ট ভাৰ্ননত আমেৰিকাৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট জৰ্জ ৱাশ্বিংটনৰ নিজস্ব এষ্টেট। প্ৰেছিডেণ্টেই নহয় তেওঁ আছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰধান সেনাপতি। তেওঁ কিন্তু মনে-প্ৰাণে আছিল এগৰাকী খেতিয়ক আৰু উদ্ভিদ বিজ্ঞানী। সুদীৰ্ঘ আঠ বছৰ যুদ্ধ ক্ষেত্ৰত কটাই তেওঁ আহিছিল মাউণ্ট ভাৰ্ননৰ নিজস্ব খেতিপথাৰলৈ। কিন্তু ভাগ্যই তেওঁক আকৌ টানি নিছিল এনে এটা পদলৈ যিয়ে তেওঁক কৰিলে ভুবন বিখ্যাত। দিলে অমৰত্ব। ১৭৮৯ চনৰ ৩০ এপ্ৰিলৰ দিনা হেজাৰ হেজাৰ ৰাইজৰ সন্মুখত দেশৰ প্ৰথম প্ৰেছিডেণ্ট হিচাপে শপতগ্ৰহণ কৰিবৰ সময়ত তেওঁ দুৰ্বল বোধ কৰিছিল— সকলোৰে আশা পূৰণ কৰিব পাৰিবতো? জৰ্জ ৱাশ্বিংটনৰ বিশাল চৌহদত, ঘৰৰ ভিতৰত, ফুলনিত, পাচলিৰৰ খেতিত সোমালে

বাকীছোৱা জীৱন / ২৫৭