পৃষ্ঠা:অনিমা গুহ.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হেৰিয়েট টাবমেনৰ বিষয়ে ২০০৯ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ ধাৰাবাহিকভাৱে ‘নন্দিনী' নামৰ আলোচনীখনত লিখিছো। ক্ৰীতদাসৰ ঘৰত জন্মগ্ৰহণ কৰি দুৰ্বল স্বাস্থ্যৰ শিক্ষাহীন ছোৱালী এজনী, মানসিক বলত যে ইমান বলীয়ান হ’ব পাৰে হেৰিয়েটৰ জীৱন পাঠ কৰাৰ আগতে মই কল্পনা কৰিব পৰা নাছিল।

 আমেৰিকাত কুখ্যাত দাসপ্ৰথাৰ ভৰপকৰ সময়ত ১৮২০ চনত হেৰিয়েটৰ ক্ৰীতদাস হিচাপেই জন্ম হয় আৰু পাঁচ বছৰ বয়সৰে পৰা চাহাব মালিকৰ ঘৰত আৰম্ভ হয় তেওঁৰ দাসত্ব জীৱন। কি কঠিন আছিল সেই দিনবোৰ। উদং মজিয়াত শুইছিল, খাইছিল কুকুৰৰ লগত মালিকৰ ঘৰৰ এৰেহা। কিছুমান মানুহ বোধকৰো জন্মগতভাৱে স্বাস্থ্যৱান হয়। নহ’লৈনো এৰেহা খোৱা ছোৱালীজনী শাৰীৰিক আৰু মানসিক শক্তিৰে অসাধাৰণভাৱে বলীয়ান হ'ব পাৰেনে? দাসত্বৰ শিকলি ছিঙি ওলাই আহিবলৈ মনোবলেইবা পালে ক’ত? মনত কিমান সাহস আৰু দেহত কিমান শক্তি থাকিলে এজনী মানুহে মালিকপক্ষৰ মানুহেৰে বেৰি থকা পৰিবেশ এটাৰ পৰা পলাই আহিব পাৰে মুক্তিৰ সন্ধানত। উল্লেখযোগ্য যে দাস প্ৰথাৰ প্ৰচলন নাছিল আমেৰিকাৰ উত্তৰাঞ্চল আৰু কানাডাত। তেওঁ নিজকেই নহয়, ঊনৈশবাৰ বিপদ সংকুল পথেৰে দক্ষিণলৈ গৈ বহুতকে মুক্ত কৰি আনিছে মালিকপক্ষৰ চকুত ধূলি দি।

 হেৰিয়েটৰ জীৱনটো আছিল ৰহস্য উপন্যাসৰ সৈতে তুলনীয়। তেওঁৰ সাধাৰণ ঘৰটোৰ সন্মুখত থিয় হৈ ভাবিছিলো ইয়াতে শেষ জীৱনটো কটাইছিল নে অসাধাৰণ মানুহগৰাকী, যাক কোৱা হয় ‘স্বজাতিৰ মোজেছ’!

 মোজেছৰ কাহিনী পাওঁ বাইবেলৰ ওল্ড টেষ্টামেনত। তেওঁ আছিল হিব্ৰু বা ইহুদী ক্ৰীতদাসৰ সন্তান। ইহুদীসকল আছিল ইজিপ্তৰ ফাৰাও (ৰজা)সকলৰ ক্ৰীতদাস। খ্ৰীষ্টপূৰ্ব আনুমানিক চতুৰ্দশ-ত্ৰয়োদশ শতিকাত হিব্ৰু ধৰ্মৰ প্ৰৱৰ্তক তথা আইন পৰামৰ্শদাতা আছিল মোজেছ। বাইবেলৰ মতে তেওঁ ইজিপ্তৰ পৰা ইহুদীসকলক উলিয়াই আনি প্ৰমিজড লেণ্ডলৈ লৈ গৈছিল। এই প্ৰমিজড লেণ্ডেই হ’ল ইহুদী জাতিক ঈশ্বৰে দিব বুলি প্ৰতিশ্ৰুতি দিয়া আদৰ্শভূমি ইজৰাইল। যাত্ৰাৰ পথত মাউণ্ট ছিনাইত ঈশ্বৰে তেওঁক টেন কমাণ্ডমেণ্ট লিখিবলৈ অনুপ্ৰাণিত কৰে।

 মোজেছৰ দৰে হেৰিয়েট টাবমেনেও আমেৰিকাৰ দক্ষিণাঞ্চলত পশুৰ জীৱন-যাপন কৰা বহু ক্ৰীতদাসক পলুৱাই আনিছিল উত্তৰৰ মুক্তাঞ্চললৈ। সেই কাৰণে তেওঁক কোৱা হয় ‘স্বজাতিৰ মোজেছ’!

 নিজে মুক্ত হোৱাৰ পাছত বছৰি এবাৰ শৰৎকালত আৰু এবাৰ বসন্তকালত পাঁচশ

২৫৪/ বাকীছোৱা জীৱন