পৃষ্ঠা:অনিমা গুহ.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চনত হোৱা আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ বিপ্লৱী নেতা তথা পিছলৈ আমেৰিকাৰ দ্বিতীয়গৰাকী প্ৰেছিডেণ্ট জন এডাম্ছৰ (১৭৩৫-১৮২৬) ভাৰ্যা এবিগেইল এডামছে (১৭৪৪-১৮১৮) স্বামীকে ধৰি সকলো বিপ্লৱী নেতাক মৃদু তিৰস্কাৰৰ সুৰত কোৱা বাক্য এশাৰী পঢ়িছিলো। ১৭৭৬ চনত স্বাধীনতা যুদ্ধ চলি থকাৰ সময়ত আত্মসচেতন মহিলাগৰাকীয়ে এইদৰে কৈছিল—

 'Remember the ladies in the formation of the new government. If particular care and attention is not paid to the ladies we are determind to foment a rebellion and will not hold ourselves bound by any laws in which we have no voice or representation.'

 সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে গাইগুটীয়াকৈ দুই-একে প্ৰতিবাদ সাব্যস্ত কৰিলেও ঊনৈশ শতিকাৰ প্ৰথম অৰ্ধাংশলৈ দলবদ্ধভাৱে কোনেও গৰ্জি উঠা নাছিল। ১৮৪০ চনত লণ্ডনত অনুষ্ঠিত World Anti-slavery Convention ত ঘটা এটা পৰিস্থিতিয়ে আমেৰিকাত নাৰীমুক্তি আৰু নাৰী অধিকাৰ আন্দোলনৰ পথ প্ৰশস্ত কৰে। আন কেইবাগৰাকী প্ৰতিনিধিৰ সৈতে লণ্ডন অধিৱেশনলৈ দাসপ্ৰথাবিৰোধী (Abolitionist) দম্পতী এলিজাবেথ আৰু হেনৰী ষ্টেনটনো গৈছিল। কিন্তু মহিলাসকলক সভাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ল। শ্ৰোতা-দৰ্শক হিচাপে তেওঁলোকে বহিবলৈ ঠাই পালে গেলেৰীৰ এটা চুকত। অপমানিত মহিলাসকলৰ অপমান দুগুণে চৰিল যেতিয়া জেমচ বাৰ্নি নামৰ এগৰাকী বক্তাই দীপ্ত কণ্ঠে ঘোষণা কৰিলে যে স্বামীৰ সমকক্ষ হৈ পত্নীসকলে ৰাজহুৱা ঠাইত কথা কোৱা অনুচিত। তেওঁলোকৰ কৰ্তব্য স্বামীৰ আদেশ পালন কৰা। অধিকাংশ পুৰুষে এই উক্তিক সমৰ্থন জনাইছিল যদিও হেনৰীয়ে মহিলাৰ সপক্ষে মাত মতাত বিষয়টোৰ ওপৰত ভোট হয়। অধিকাংশ ভোট পৰে মহিলাৰ অংশগ্ৰহণৰ বিপক্ষে। আমেৰিকাৰ আগশাৰীৰ এবলিশ্বনিষ্ট নেতা উইলিয়াম লয়েড গেৰিছনে মৰ্মাহত হৈ সভাত কৈছিল— ‘After battling so many long years for the liberation of African slaves, I can take no part in a convention that strikes down the most sacred right of all women.’ তাৰ পাছত তেওঁ বহি থাকিল মহিলাসকলৰ গেলেৰীত।

 দাসপ্ৰথা উচ্ছেদ যাৰ জীৱনৰ লক্ষ্য সেইগৰাকী লয়েড গেৰিছনে সেই নিৰ্দিষ্ট কাৰণে অনুষ্ঠিত সভাখনত আমেৰিকাৰ পৰা বাৰ দিন সমুদ্ৰ যাত্ৰা কৰি আটলাণ্টিক পাৰ হৈ আহি অংশগ্ৰহণ কৰাৰ পৰা বিৰত হৈ থাকিল। কোৱা বাহুল্য মহিলা সমাজ

২৪৪/ বাকীছোৱা জীৱন