পৃষ্ঠা:অনিমা গুহ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ আধুনিক মনস্কতায়ো আমাক মুগ্ধ কৰিছে। ছোৱালী দুজনীক ভাৰতৰ উৎকৃষ্ট মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত পঢ়ুৱাবলৈ কাৰ্পণ্য কৰা নাই। যি কি নহওক, তেওঁ কেইবছৰমানৰ বাবে গুৱাহাটী আৰু তেজপুৰৰ কমাণ্ড হাস্পতালতো আছিল। এটা সময়ত ঘৰুৱা অৱস্থাৰ বাবে চাকৰিত সোমাইছিল। সেয়ে নহ’লে চিকিৎসা শাস্ত্ৰত তেওঁ হয়তো গৱেষণাধৰ্মী কাম কৰিলেহেঁতেন। তেওঁৰ অপূৰ্ণ কামনা তিনিওটি সন্তানৰ মাজেৰে পূৰ্ণ কৰিছে।

 এনে এখন ঘৰৰ এজনী প্ৰতিভাময়ী ছোৱালী মনীষাক বোৱাৰী হিচাপে পাই আমি অত্যন্ত সুখী। জয়ে মোক কৈ থৈছিল সামাজিক মতে নহয়, ৰেজেষ্ট্ৰি বিয়াতহে সি আগ্ৰহী। আমিও ৰেজিষ্ট্ৰি বিয়াৰ পক্ষপাতী আছিলো। পিছে কইনাৰ মাক-দেউতাকৰ ইচ্ছা ৰেজিষ্ট্ৰেচনৰ উপৰি ধৰ্মীয় মতেও বিয়াখন পাতিবলৈ। চুৰিয়া-পাঞ্জাবী পিন্ধি দৰা সাজি বিয়া কৰাবলৈ জয়ৰ প্ৰচণ্ড অনীহা। তাক বুজোৱা হ’ল যে বিয়া কেৱল এপক্ষৰ ইচ্ছাত নহয়, আমাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান কৰা নহ’ব। আৰু ক’লো— ‘তই নাটক নকৰ জানো? মনীষাৰ লগত তোৰ চিনাকি নাটকৰ যোগেদি নহয় জানো? ভাবি ল’ তই নাটক কৰিবলৈ ওলাইছ দৰা সাজি।’ এই পালি দৰবে কাম দিলে। আমাৰ ফালৰ পৰা কেৱল জোৰণ দিলো আৰু বিয়াৰ পাছত আত্মীয় বন্ধু-বান্ধৱক অভ্যৰ্থনা জনোৱা হ’ল। কইনাৰ মাক-দেউতাকক কোৱা হৈছিল কোনো বস্তু-বাহানি, ফাৰ্নিৰ্চাৰ, বিছনা-পত্ৰ যেন দিয়া নহয়। মাকে কৈছিল শাস্ত্ৰমতে শয্যাখন হেনো দিবই লাগে। মই নিয়ম-চিয়ম নামানো। ছোৱালীৰ মাক-দেউতাকক শোষণ কৰিবলৈ আমাৰ সমাজে বহু নিয়ম-নীতিৰ জন্ম দিছে। আমাৰ ঘৰলৈ বোৱাৰী আহিব, তাইক এখন বিছনা মই দিব নোৱাৰিম নে? গৰিয়াহাট বজাৰৰ পৰা ভগ্নীসমা বান্ধৱী জয়াৰ সহায় লৈ বিছনা কিনি আনিছিলো। বিয়াত কাৰো পৰা উপহাৰো গ্ৰহণ কৰা নাছিলো। নিমন্ত্ৰণ কৰাৰ সময়তে এই অনুৰোধ কৰা হৈছিল। অৱশ্যে মোৰ বাই-ভনী আৰু গৃহস্থৰ সহোদৰ-সহোদৰা এইক্ষেত্ৰত আছিল ব্যতিক্ৰম।

 মাকে হেনো ল’ৰা বা ছোৱালীৰ বিয়াৰ অনুষ্ঠান চাব নেপায়, কিয় নেপায় কোনেও ক’ব নোৱাৰে। যুক্তিহীন নিয়ম মই নামানো। গতিকে দৰাযাত্ৰীৰ লগত গৈ আৰম্ভৰ পৰা শেষলৈ বিয়াথলীত বহি আছিলো। আমাৰ সমাজত মাকে জীয়েকক সম্প্ৰদান কৰাৰ নিয়ম নাই। উপস্থিত থকাই য'ত বাৰণ, তাত সম্প্ৰদায়ৰ প্ৰশ্নই নুঠে। জয়ৰ বিয়াৰ পাঁচ বছৰমান পাছত ভনী খুকুৰ জীয়েক পিউৰ বম্বেত আৰ্যমতে নৰেন মেহৰাৰ সৈতে বিয়া হয়। সেইখন বিয়াত দেখিছিলো মাক-দেউতাক দুয়ো ছোৱালীক

বাকীছোৱা জীৱন /৭৭