অসুৰক্ষিত বাসগৃহত থিয় দি অতীতলৈ গুচি গৈছিলো। ইয়াৰে ক'ৰবাত বহি তেওঁ ‘আনন্দমঠ’, ‘কপালকুণ্ডলা’, ‘কৃষ্ণকান্তেৰ উইল’ৰ দৰে কালজয়ী উপন্যাস লিখিছিল নে? ৰচনা কৰিছিল নে 'বন্দে মাতৰম — সুজলাং সুফলাং মলয়জ শীতলাং, শস্য শ্যামলাং মাতৰম বন্দে...' গীতটো? মোৰ অনুভূতিত মৃদু শিহৰণ এটা উপলব্ধি কৰিলো। দুচকু অশ্ৰুসিক্ত হ'ল।
নৈহাটিত গৃহস্থৰ ডাঙৰ বায়েক-ভিনিহিয়েকৰ ঘৰ। ঘৰ মানে ভাৰত বিভাজনৰ পাছত পূৰ্ববংগৰ পৰা শিপা উঘালি আহি তেওঁলোকে ইয়াত নতুন গৃহস্থালি পাতিবলৈ বাধ্য হৈছিল। ভিনিহি আছিল এগৰাকী চিকিৎসক তথা চহকী মানুহ আৰু বুদ্ধিমানো। সা-সম্পত্তি এৰি থৈ আন অনেকৰ দৰে স্বাধীনতাৰ পিচতে ভগনীয়া হৈ অহা নাছিল। জনপ্ৰিয় চিকিৎসক হোৱা হেতুকে পাকিস্তানত তেওঁ কাৰো দ্বাৰা নিৰ্যাতিতও হোৱা নাছিল। নাজানো কি বুদ্ধি প্ৰয়োগ কৰি তেওঁ টকা-পইচা, সা-সামগ্ৰীৰে সৈতে ঘৰৰ সদস্যসকলক এজন এজনকৈ পশ্চিমবংগলৈ পঠাই আছিল। অৱশেষত তেওঁ নিজে এদিন মাটি-ভেটিৰ মায়া ত্যাগ কৰি জন্মভূমি ত্যাগ কৰে। আমাক কৈছিল যে মাটি- ঘৰ আৰু ফাৰ্নিচাৰৰ বাহিৰে তেওঁ এপদ বস্তুও এৰি থৈ অহা নাই। আন ভগনীয়াৰ দৰে লাম-লাকটু সকলো ত্যাগ কৰি জীৱনটো হাতত লৈ পলোৱা নাছিল।
ভাৰত দ্বিখণ্ডিত হৈ স্বাধীন হোৱাৰ পাছত বংগ আৰু পঞ্জাৱত তেজৰ নৈ বৈ গৈছিল। সম্প্ৰতি আমেৰিকাত লগ পাইছিলো এজন বয়সীয়া ভদ্ৰলোকক। সকলোৱে তেওঁক গোবিন্দদা বুলি মাতে। তেওঁ হেনো ১৯৪৭ চনৰ সংঘৰ্ষৰ সময়ত পূৰ্ববংগৰ পৰা তেজেৰে লুতুৰি-পুতুৰি মৃতদেহৰ মাজত সোমাই থাকি মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাইছিল। তেওঁ কৈছিল— নিজৰ ভিঠাৰ পৰা ৰাজনীতিকসকলে উচ্ছেদ কৰিলে যেতিয়া পশ্চিমবংগকে লৈ ভাৰতৰ যি কোনো ৰাজ্যই তেওঁলোকৰ বাবে বিদেশ। বিদেশতে যদি খোপনি পুতিব লাগে তেনেহ'লে বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাতে নাথাকে নো কিয়? সেই তেজৰ স্মৃতিয়ে হেনো তেওঁক আজিও খেদি ফুৰে।
নৈহাটিৰ ডাঙৰ ভিনিদেউ কিন্তু ইমান আবেগিক নহয়, তেওঁ rough and tough | তাতেই মাটি-বাৰী কিনি আহল-বহলকৈ দুমহলীয়া ঘৰ সাজিছে, ডাক্তৰী কৰিছে, ল’ৰা-ছোৱালীক মানুহ কৰিছে। ভিনিহিয়ে এবাৰ গুৱাহাটীত এষাৰ কথা মোক ফুচফুচাই কৈছিল। তেওঁলোকে হেনো বিয়াৰ পাছত বহুদিনলৈ সন্তানৰ মুখ দেখা নাছিল। গতিকে এবাৰ গুৱাহাটীত শহুৰৰ ঘৰলৈ আহি পুত্ৰাৰ্থে কামাখ্যাত এভাগ পূজা আগবঢ়াইছিল। বছ, গোসাঁনী ইমানে প্ৰসন্ন হ’ল যে এটি এটিকৈ তেওঁলোকৰ কোলালৈ