পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৩
 


এই দুজন বিনে এই দেশত মানুহ নাই। মেং ডেবিড ইস্কাট চাহাব জিলা ৰঙ্গপুৰৰ জজ আৰু কমিচনৰ আছিল। মাচুল বিষয়ে কিবা গোলযোগ হোৱাত মেং ইস্কাট চাহাব এবাৰ হাদীৰালৈ আহে। তিনিদিন থাকিলে তথাপি পৰশুৰাম বৰুৱাৰে সাক্ষাৎ নহল। কিন্তু হলিৰাম আৰু যজ্ঞৰাম আৰু আন আন তলতীয়া বিষয়াৰে সাক্ষাৎ হৈছিল।

 পৰশুৰাম বৰুৱাই অতি যত্নেৰে হলিৰাম আৰু যজ্ঞৰামক শিক্ষা দিয়ালে। তেতিয়াৰ লোকসকলৰ এনে বিশ্বাস আছিল যে কোনো যাবনিক ভাষা শিক্ষা কৰিলে পিতৃসকলক পিণ্ড-তৰ্পণ দিব নোৱাৰে। জ্যেষ্ঠ পুত্ৰই বিশেষ পিণ্ডাধিকাৰী। সেই নিমিত্তে হলিৰামক কেবল সংস্কৃত ভাষা আৰু যজ্ঞৰামক সংস্কৃত আৰু যাবনিক পাৰসী ভাষা শিক্ষা দিউৱা হৈছিল। উভয়েই শিক্ষিত বিষয়সকলত বিশেষৰূপে ব্যুৎপত্তি লাভ কৰিলে।

 পৰশুৰাম বৰুৱা মৃত্যু হলত হলিৰাম দুৱৰীয়া পদ হল। তেওঁৰ বয়স তেতিয়া ১৪ বৎসৰ। বণৰাম তেওঁবিলাকৰ অধ্যক্ষ হল আৰু আগৰ যিসকল লোক আছিল সেইসকলে সৈতে কাৰ্য্য কৰিবলৈ ধৰিলে। ইয়াৰ পূৰ্বেই শম্ভুৰাম, অভিৰাম আৰু সীতাৰাম পৃথক হয়। কেৱল ৰণৰাম মাত্ৰ একেলগে থাকে। ১৭৩৯ শকত (১৮১৬ ইংৰাজী) বদনচন্দ্ৰ বৰফুকনে মান অৰ্থাৎ ব্ৰহ্ম দেশলৈ গৈ ব্ৰহ্ম ৰজাৰ সৈন্য লৈ উজনীৰে যোৰহাট নগৰ পালে। দেশৰ অনেক লোক পলাই নানা স্থানলৈ গল। পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ মৃত্যু হয়। বদনচন্দ্ৰ মন্ত্ৰী ফুকন হল। কিছুকালৰ পাচত মানে দেশ এৰি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকে ৰাজ্য দি দেশলৈ যায়। বদনচন্দ্ৰ বৰফুকনৰ শিৰশ্ছেদ হয়। পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ পুতেক ৰুচিনাথ ডাঙ্গৰীয়াই আন লোকৰে সমবেত হৈ চন্দ্ৰকান্ত সিংহক ৰাজ্যচ্যুত কৰি পুৰন্দৰ সিংহক ৰাজত্ব দিয়ে। ব্ৰহ্ম ৰজাই এই বাৰ্ত্তা পাই ১৭৪০ শকত সৈন্য পঠালে। পুৰন্দৰ সিংহ ভটীয়াই আহিল