পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু দুৰ্বলক কোনেও গ্ৰাহ্য নকৰে, অইন সকলো জাতিয়ে সেই কথা জানে ( ব্ৰিটিছ পৰিচালকে গান্ধীক মহামানৱ সাজি তেওঁৰ ‘অহিংসা’ দেখুৱাই ছবি কৰিছে, কিন্তু তেওঁ নিজে ব্ৰিটিছৰ হৈ যুদ্ধলৈ গৈছে, “গান্ধী” ছবি চাই কোনো জাতিয়ে আত্মৰক্ষাৰ সকলো অস্ত্ৰ-শস্ত্ৰ পেলাই দি ৰামধুন গাবলৈ বহি যোৱা নাই— আৰু, প্ৰসংগতঃ, এইছবিত আমি কথা নাপাওঁ যে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গান্ধীয়ে ভাৰতবাসীক বাধা দিছে, কিন্তু ইপিনে ব্ৰিটিছক যুদ্ধ কৰিবলৈ টকা-পইচা আৰু সৈন্য-সামন্ত যোগাৰ কৰি দিছে! ) কিবা কৰিব খুজিলে কৰিব লাগিব সবলতাৰ স্থিৰি পৰা। এই সবলতা, জোৰ, শক্তি, বহু দিশৰ পৰা আহিব পাৰে, তাৰ ভিতৰত অন্যতম হ’ল অৰ্থনৈতিক শক্তি—এটা জাতিৰ পাৰ্মাণৱিক শক্তিতকৈ অৰ্থনৈতিক শক্তি বহুগুণে প্ৰবল ( আৰু আত্মৰক্ষাৰ এটা ঘাই আহিলা৷ পৰাক্ৰমী জাতি ব্ৰিটিছ হ’ল মূলতঃ বেপাৰী জাতি, আৰু তেওঁলোকৰ শ্ল’গান হ’ল “ব্ৰিটিছ বস্তু কিনক ( Buy British )”. সেয়ে আমি সকলোৱে স্বাধীনতা আন্দোলনক স্বাগত জনাইছিলোঁ আৰু লগতে সমবায় আন্দোলনৰ গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়াইছিলো, কিয়নো ই—“অসমকবৃহৎ শিল্পগোষ্ঠীৰ ঔপনিৱেশিক শোষণৰ পৰা ৰক্ষা কৰাৰ অন্যতম ( হয়তো একমাত্ৰ? ) উপায়”। পুনৰাবৃত্তি বিৰক্তিকৰ, কিন্তু তথাপি আকৌ এই সন্দৰ্ভত পুৰণি প্ৰবন্ধৰ উদ্ধৃতি টানিবলৈ পঢ়ুৱৈয়ে আমাক অনুমতি দিয়ক :

 .........অকল ব্যৱসায়-বাণিজ্যৰ কথাকেই যদি ধৰোঁ, বন্ধ আৰু সত্যাগ্ৰহ, বিক্ষোভ, ১৪৪ ধাৰা, কাৰ্ফিউ, ধৰ-পাকড় আদিৰ ফলত কিমান খিলঞ্জীয়া ক্ষুদ্ৰায়তন উদ্যোগ আৰু বেপাৰী যে ক্ষতিগ্ৰস্ত বা একেবাৰে ধ্বংস হৈ গৈছে তাৰ হিচাব কৰা টান। গুৱাহাটীৰ কিছুমান ৰাস্তাত কেইবাখনো সৰু সৰু স্থানীয় মানুহৰ দোকান লোকচান ভৰি ভৰি উঠি যোৱা আমি নিজে দেখিছোঁ, আৰু সেইবোৰৰ ঠাইত বাংলাদেশী বেপাৰী ভৰি পৰিছে। অৰ্থাৎ, অন্তহীন আৰু উদ্দেশ্যহীন বন্ধৰ ফলত খিলঞ্জীয়া উদ্যোগৰ ক্ষতিতো হৈছেই, ওলোটাই বিদেশীৰ প্ৰাধান্য বাঢ়ি গৈছে ( আৰু

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৫৫