পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থামক!

 বহু প্ৰশংসিত সাম্প্ৰতিক একুকি ইৰাণীয়ান কথাছবি প্ৰদৰ্শন কৰিব ‘ছিনে-বাফ্ ছ'চাইটি’য়ে পাৰ্বতীপ্ৰসাদ ভৱনত আজি সন্ধিয়া ছয় বজাৰ পৰা—তাৰ সম্পাদকে অনুগ্ৰহ কৰি মোলৈ এখন আমন্ত্ৰণী পঠিয়াই দিছে, লগতে এখন পৰিয়াল প্ৰৱেশ-পত্ৰ। গতিকে সন্ধিয়াটো পাৰ কৰাৰ উপায় এটা ওলাল। অন্যথা, মোৰ দিন আৰম্ভ হৈছে নিয়মিতভাৱেই, এতিয়া মই ল'ৰা-ছোৱালী দুটিক সিহঁতৰ স্কুল-বাছৰ ষ্টপ্‌টোলৈ লৈ যাব ওলাইছোঁ।টেলিফোন বাজিল। বিমান, পুৰণি এজন স্কুলীয়া সহপাঠী। মোৰ স্বাস্থ্যৰ খবৰ লৈছে, কৈছে যে বহুদিন লগালগি হোৱা নাই, মই আজি এপাক তাৰ তাত সোমালে কেনে হয়? কলেজৰ পৰা অৱসৰৰ পিছত বিমানে এখন বাতৰি কাকতৰ দেওবৰীয়া আলোচনীখনৰ ভাৰ লৈছে, আজি তাৰ ছুটী। মোকো অৱসৰৰ পিছত এটা তথাকথিত ‘ক’চিং ইন্‌ষ্টিটিউট’ অৰ্থাৎ শিক্ষণ প্ৰতিষ্ঠানে অনুৰোধ কৰিছে তেওঁলোকক অলপ সহায় কৰি দিবলৈ, আজি মোৰ মাত্ৰ এটা ক্লাছ আছে দুপৰীয়া এক বজাত, গতিকে সময় ওলাব। ক’লোঁ, ‘বেয়া নহ’ব, চাওঁ বাৰু কি কৰিব পাৰোঁ।' যাব ওলাওঁতে শ্ৰীমতীয়ে সোঁৱৰাই দিলে তেওঁৰ ঔষধ আৰু চেণ্ট এবিধৰ কথা— কেইখনমান বিশেষ দোকানতহে পোৱা যায়— আৰু ক'লে যে মিড্‌টাউন নাৰ্ছিং হোমলৈ গৈ যেন সৰলা পেহীক যেনে-তেনে এবাৰ দেখা কৰোঁ (সৰলা পেহী বাথৰুমত পৰি গৈছিল, সোঁ-

৬৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা