বিৱৰ্তন সেই সুসভ্য আধ্যাত্মিক স্তৰলৈ এতিয়াও অহা নাই। সকলো আন্দোলন সদায় হিংসালৈ গৈছে, যিটো কথা গান্ধীয়েও বাৰে বাৰে দেখিছে ( চৌৰিচৌৰাৰ পৰা আৰম্ভ কৰি ), ভাৰতবৰ্ষৰ স্বাধীনতাও আহিছে প্ৰচুৰ ৰক্তক্ষৰণৰ মাজেৰে। তথাপি গান্ধীয়ে তেওঁৰ ভুল স্থিতি এৰা নাই, আঁকোৰগোজ হৈ কৈ আছে যে হিংসাৰ উত্তৰ অহিংসা। আমাৰ কথা এয়ে যে আমি কাকো আক্ৰমণ কৰিব নালাগে ( বাংলাদেশীকো নালাগে ) কিন্তু আন্দোলনৰ পৰা ‘অহিংসা’ শব্দটো বাদ দিব লাগে, কাৰণ আমাৰ মাজত অহিংসাৰ অৰ্থ এই হৈ পৰিছে যে আমি আত্মৰক্ষাৰ ইচ্ছাও মনৰ পৰা বাদ দিব লাগে। আমাৰ মিনি গান্ধীসকলে নাজানে নে যে গান্ধীয়েও সদায় সকলো প্ৰকাৰে আত্মৰক্ষা কৰিবলৈকে কৈ গৈছে, তেওঁলোকে গান্ধীৰ প্ৰিয় গ্ৰন্থখন কেতিয়াও মেলি চোৱা নাইনে ( অৰ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণঃ “ক্লৈৱ্যং মাস্ম গমঃ পাৰ্থ ....”, গীতা ২/৩ )? আমি কাকো ঘুচিয়াই ফুৰিব নালাগে, কিন্তু নিজক ৰক্ষা কৰিবলৈ শৰীৰত জোৰ লাগে, পুষ্টি লাগে, তাৰ কাৰণে বিশেষকৈ ডেকা ল'ৰাই খাব লাগে। অনশন কৰাটো সেই বয়সত অধৰ্ম। হাতৰ লাঠিডালেৰে আমি কাৰো মূৰ ভাঙি ফুৰিব নালাগে, কিন্তু ডকাইত বা জন্তুৰ আক্ৰমণৰ পৰা নিজক বচাবলৈ হাতত লাঠিডাল থকাটো একো দোষণীয় কথা নহয়।
সংক্ষেপে পটভূমি আৰু বিশ্লেষণ বাদ দি আমাৰ আশংকা : অসমৰ বৰ্তমান পৰিস্থিতি এনেকুৱা যে অসমৰ অধিকতৰ বিভাজন ঘটিব, যদিহে বৰ্তমানৰ নেতৃত্ব ভাঙি দিয়া নাযায়। অন্ততঃ, অদূৰ ভৱিষ্যতে আৰু কেইবাখনো স্বতন্ত্ৰ ৰাজ্যৰ দাবী উঠিব, সেই দাবী ইমান সৰৱ আৰু সক্ৰিয় হ’ব যে ৰাজনৈতিক বায়ুমণ্ডল সম্পূৰ্ণ বদলি যাব, আৰু ই হ’ব বিদেশী সমস্যাৰ সমাধানৰ একেবাৰে প্ৰতিকূল। মূলতঃ ইয়াৰ প্ৰৰোচনা হ’ব— এই কথা আমি অন্যান্য প্ৰবন্ধ-পাতিত সাব্যস্ত কৰিবৰ চেষ্টা কৰিছো— বৰ্তমান “আন্দোলন”ৰ নেতাসকলৰ আত্মম্ভৰিতা আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপ, তেওঁলোকৰ ক্ৰমশঃ বিকাশমান ফেচিষ্ট আৰু “অইন কাৰো