পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকৌ অসম বন্ধ!

 সম্পাদক
 অসম বাণী, গুৱাহাটী

 ২৪ ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা জিলাৰ এঠাইত আছিলো, ২৫ তাৰিখে কেইটামান দৰ্কাৰী কাম শেষ কৰি গুৱাহাটীলৈ উভতি আহিবই লাগে, ঘৰত অসুখ আছে। হঠাতে ১১টা মান বজাত কাগজ আহি পোৱাত জনা গ'ল যে ২৫ তাৰিখে শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা আছুৱে ৩৬ ঘণ্টাৰ ‘অসম বন্ধ’ ঘোষণা কৰিছে। কাম-বন সকলো পণ্ড হৈ গ'ল, ঘৰৰ অসুখ হেতু দেওবাৰলৈ ৰৈ থাকিবও নোৱাৰি, কোনোমতে লৰালৰিকৈ বাছ এখন ধৰি সন্ধিয়া সময়ত আদাবাৰী পালোহি। তিনিচুকীয়াত ৫ জন যুৱকক ভাৰতীয় সৈন্যবাহিনীয়ে হত্যা কৰাৰ খবৰ ওলোৱাৰ লগে লগেই আছুৱে যাৰ মস্তিষ্কত ‘বন্ধ’ আৰু ‘নিষ্প্ৰদীপ’ৰ বাহিৰে আন একো নাই— অসমৰ সমস্ত মানুহৰ ওপৰত আৰু এটা ৩৬ ঘণ্টীয়া বন্ধ জাপি দিলে, মানুহক এদিন বা আধাদিনৰ আগজাননী দিয়াৰো কোনো আৱেশ নহ'ল। অসংখ্য মানুহৰ নানান কাম-কাজ-জীৱিকাৰ সংস্থান বন্ধ হৈ গ'ল, মোৰেই পৰিচিত কেইবাঘৰৰো গৰাকীৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা ( বিয়া/অভ্যৰ্থনা আদিৰ কথা বাদেই দিলো ) থানবান হৈ গ'ল,

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৩৭