পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰ্বভাৰতীয় নেতা নাই (সম্ভৱতঃ অকল গান্ধীৰ বাহিৰে, তেওঁৰ সকলো কপটতা আৰু দোষ বাদ দিও) যিজনে অসমক তুচ্ছ-তাচ্ছিল্যৰ ভাবেৰে বিবেচনা নকৰে— জৱাহৰলালৰ পৰা আৰম্ভ কৰি সকলোৰে মানত অসম এখন ঔপনিৱেশিক লুণ্ঠন-ক্ষেত্ৰ, ভাৰতীয় সৈন্যবাহিনীৰ অবাধ অতিচাৰৰ ভূমি, নিৰ্বাচনত জিকি থাকিবৰ বাবে বাংলাদেশী ঠাহি বনোৱা এটা ভোট ভড়াল— স্বাভাৱিকতে এওঁলোকে কৈ থাকিবই যে অসম ভাৰতৰ অবিচ্ছেদ্য অংগ, কাৰণ অসম গ’লে তেলো গ’ল, চাহো গ'ল, ভোটবেংকো গ'ল ৷ এইখন চৰকাৰৰ লগত থকাৰ আমাৰ ইমানেই মোহ? তুচ্ছ-তাচ্ছিল্য আৰু মাৰ-ধৰ খাই থাকিবৰ আমাৰ ইমানেই আগ্ৰহ? এই মোহ আহিছে আমাৰ এলাহৰ পৰা, লোকে যি কয় তাতে ‘হয়, হয়’ কৰি স্বাধীন চিন্তাৰ পৰা হাত সাৰি থকাৰ এলাহ, নিজে চিন্তা কৰি চোৱাৰ এলাহ। থাকিলে জাতিৰ দৰে জাতিৰ লগত থাকিব লাগে, যেনে— বৃটেইনৰ লগত থকাৰ এটা যুক্তিযুক্ততা থাকিব পাৰে, কিয়নো আমাৰ ক্ষেত্ৰত বৃটেইন হ’ল শোষণ আৰু নিষ্পেষণৰ প্ৰতীক, ঠিক, কিন্তু জাতি হিচাপে বৃটেইন এটা জাতিৰ দৰে জাতি। বৃটেইনে অন্ততঃ আমাক বাংলাদেশীৰ হাতত সপি দিবৰ চেষ্টা কৰা নাই, যিটো কৰিবলৈ ভাৰত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। আৰু সুৰক্ষাৰ পিনৰ পৰাও, তেখেতে সঁচাকৈয়ে বিশ্বাস কৰে নে যে ভাৰতীয় সৈন্যবাহিনীয়ে অসমক বাহিৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিব? আমি কিন্তু পাহৰা নাই চীনা আক্ৰমণৰ সময়ত কেনেকৈ ভাৰতীয় বীৰ “জোৱান”সকলে দৌৰ দিছিল আৰু নেহৰুৱে আমাক বিদায় যাচিছিল— অসম, নগালেণ্ড, মিজোৰাম, মণিপুৰ আদিৰ বাবে ভাৰতীয় সৈন্যবাহিনী এটা “ধৰ্ষণ বাহিনী”, সেইখিনিয়েই সিহঁতৰ বীৰত্ব, দূৰৈত চীনা সৈন্য এটা দেখিলেই কিন্তু পাৎলুন তিয়াই দৌৰ দিব, আমাৰ সন্দেহ নাই। ফেডাৰেশ্যন জাতীয় কিবা এটাত অসম হয়তো থাকিবলৈ বাধ্য হ’ব, কিন্তু সেইটো “বাহিৰত বৰচুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ” ভাৰতবৰ্ষৰ লগত নহৈ শ্যাম, কোৰিয়া আদিৰ লগতো হ’ব পাৰে, সেইবোৰ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ২১