আৰু ক্ৰীতদাস প্ৰথাৰ কাৰবাৰ, সেইবোৰ সত্ত্বেও বেলেগ বেলেগ সম্প্ৰদায়ৰ পৰা পৃথক ৰাজ্য বিচাৰি উগ্ৰ বিচ্ছিন্নতাবাদী আন্দোলন গঢ়ি নুঠে কিয়? এইবোৰ ৰাজ্যতকৈ অসমৰ জনজাতি আদি সম্প্ৰদায়ৰ ওপৰত অন্যায় চলে বেছি?)
শ্ৰীবৰুৱাই নিজেই চিন্তা কৰি চাওক, ভাৰতবৰ্ষৰ লগত থাকি আমাৰ লাভ হৈছে নে লোকচান হৈছে, উপকাৰ হৈছে নে অপকাৰ হৈছে, কল্যাণ হৈছে নে হানি হৈছে। লাভ হৈছে, এনেকুৱা কোনো এটা উদাহৰণ আছেনে? হানি হোৱা নাই, এনেকুৱা কোনো বিষয় আছেনে? ভাৰত চৰকাৰৰ লগত থকাৰ প্ৰসংগ আহে, যদি ভাৰত চৰকাৰ বুলি সুদৃঢ় আৰু সুপ্ৰতিষ্ঠিত কিবা এটা থাকে, যাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি যাক বিশ্বাস কৰিব পাৰি, যাৰ মেৰুদণ্ড আছে। আজি ৪৫ বছৰে আমি দেখি আহিছোঁ যে ভাৰত চৰকাৰ বোলা মানুহখিনিয়ে মাথোঁ দেশখন লুটি-পুতি খাই অৱশেষত সমস্ত দেশ এখন হিংস্ৰ, ভয়াল গুণ্ডা ৰাজ্যত পৰিণত কৰি দিছে, মুখত অখণ্ড ভাৰতৰ বক্তৃতা জাৰি জাৰি কামত দেশখন খণ্ড-বিখণ্ড কৰি দিছে। আকণ্ঠ ঋণৰ বোজাত দেশ বুৰাই দিছে, প্ৰতিবছৰে হাতত ভিক্ষাৰ জোলোঙা লৈ বিদেশত ভ্ৰমি ফুৰাই তেওঁলোকৰ কাম, এতিয়া ঘৰৰ সোণ-ৰূপ সকলো বন্ধকত থ’বলৈ আৰম্ভ কৰিছে (নহ’লে ভিক্ষাৰী দেশৰ প্ৰধানমন্ত্ৰীৰেই ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩৬ খনকৈ গাড়ী দৌৰাব কেনেকৈ?), কালি আমাৰ হাতৰ-কাণৰখিনিতো হাত দিব। নীতি-নিয়ম বুলিবলৈ ন্যূনতম ৰখা নাই, সংবিধান বুলি কোনো বস্তু নাই, যেতিয়াই মন গৈছে সংবিধানৰ কথা সলনি কৰি দিছে, তথাকথিত “মহান গণতন্ত্ৰী” নেহৰুৱে কেৰালাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কমিউনিষ্ট চৰকাৰক লেং মাৰি আঁতৰাই (“টপ্লিং” কৰি) অসাধু ৰাজনীতি আৰম্ভ কৰি দিছে আৰু “নিকটতম লাইট প'ষ্টত চোৰাং বজাৰীক ফাঁচী দিব লাগে” বুলি জনসাধাৰণক ধাপ্পা দি দেশ আৰু চৰকাৰ সম্পূৰ্ণ চোৰাংকাৰবাৰীৰ নিয়ন্ত্ৰণত আনি দিছে। এনে এজন ভাৰতীয় নেতা নাই যাক সন্মান কৰিব পাৰি, এনে এজন