মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
imported>Dipankar Chetia auto summary: New page created (no summary given) |
imported>Dipankar Chetia No edit summary |
||
৩৭ নং শাৰী: | ৩৭ নং শাৰী: | ||
আকাশৰ এক কোণে দিছা দৰশন। |
আকাশৰ এক কোণে দিছা দৰশন। |
||
কৃষ্ণ বক্ষে জ্বলে যেন স্ফতিকৰ মণি; |
|||
কিম্বা শ্যাম দুৰ্ব্বাদলে, যথা জল বিন্দুজলে |
|||
ছায়াবৃত জলে যেন শোভে কমলিনী, |
|||
বিস্তীৰ্ণ সমুদ্ৰে কিম্বা ধৱল তৰণী। |
|||
সিৰূপে তুমিও সেই বিস্তীৰ্ণ গগনে |
|||
ৰজতেৰে দেহ সাজি শোভিছা হে মেঘ আজি |
|||
দেখোঁতে জুৰায় ক্ষুদ্ৰ আয়তনে, |
|||
উদিছা নতুন ভাৱেসুকোমল মনে। |
|||
পূৰ্ব্বদিশে ধীৰে ধীৰে বহে সমীৰণ, |
|||
তাহাক বাহন কৰি সহৰ্ষে স্কন্ধত চৰি |
|||
ধীৰে ধীৰে ভাহি যোৱা গজেন্দ্ৰ গমন, |
|||
ধীৰে ধীৰে জলস্ৰোত যেন হংসগণ। |
|||
শান্ত মূৰ্তি, শান্ত ভাৱ কৰিছা ধাৰণ; |
|||
অমৃতেৰে দেহ ধুই আহিছা পবিত্ৰ হুই |
|||
সৰল কোমল মনে দিছা দৰশন, |
|||
এই দৰশন আজি নয়ন-ৰঞ্জন। |
|||
ই ৰূপ প্ৰশান্ত ভাব দৰ্শিলে তোমাৰ |
|||
বিশ্বাস নহয় মনে তুমিয়েযে এতিক্ষণে |
|||
ঘূৰি পুনঃ ধৰিবাহা বিশাল আকাৰ, |
|||
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।। |
|||
নহয় বিশ্বাস হেন কোমলতা হায়, |
|||
কাঠিন্যে যে পৰিণত হইবেক নেমেষত, |
|||
ধৰিবা কৰাল মূৰ্তি ত্যজি ক্ষুদ্ৰ কায়, |
|||
গৰ্জ্জিবা সুঘোৰ নাদে মেদিনী কঁপায়। |
|||
অথবা, বিশ্বাস নহ’ব কিয়? প্ৰত্যক্ষ প্ৰমাণ; |
|||
সদায় দেখিছো আমি নানা ৰূপ ধৰি তুমি |
|||
ৰঙা, বগা, হালধীয়া কাঞ্চন সমান, |
|||
দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূণ্য স্থান। |
|||
দৰশিছো কেতিয়াবা বিকট দৰ্শন; |
|||
কৃষ্ণ দেহ ক্ৰোধ-মনে, দিগন্ত বিয়াপি ক্ষণে |
|||
দৰশোৱা বিভীষিকা চপল নৰ্ত্তন; |
|||
কঁপিছো শুনিয়া তব ভীষণ গৰ্জ্জন।। |
|||
দৰশিছো কেতিয়াবা শিলা বৰষণে, |
|||
সযত্নে পালিত কত শস্যগণ কৰা নষ্ট |
|||
প্ৰাণীসৱ বধ কৰা বজ্ৰ-নিক্ষেপণে, |
|||
ইমত নিৰ্দ্দয় তুমি, সোধোঁ কি কাৰণে। |
|||
কি ভাবি হে মেঘ, আজি শ্বেত কলেবৰ |
|||
শ্বেত যেন তুলা ৰাশি, কিম্বা বৰফৰ ৰাশি |
|||
অতি ক্ষুদ্ৰ আয়তনে সুদূৰ অম্বৰে, |
|||
হইল উদয় কোৱা কি ভাবি অন্তৰে। |
|||
[[Category:অসমীয়া]] |
[[Category:অসমীয়া]] |
১৮:২৭, ১৩ আগষ্ট ২০১২ৰ সংস্কৰণ
কি ভাবি হে মেঘ, আজি শ্বেত কলেবৰ
শ্বেত যেন তুলা ৰাশি, কিম্বা বৰফৰ ৰাশি
অতি ক্ষুদ্ৰ আয়তনে সুদূৰ অম্বৰে,
হইল উদয় কোৱা কি ভাবি অন্তৰে।
কোমলতা-পূৰ্ণ দেহ; ধৱল বৰণ;
কিঞ্চিতো নাহিক দাগ কেৱল সুশ্বেত ৰাগ,
নাহি পাপ-লেশ দেহে, সুপবিত্ৰ মন;
আকাশৰ এক কোণে দিছা দৰশন।
কৃষ্ণ বক্ষে জ্বলে যেন স্ফতিকৰ মণি;
কিম্বা শ্যাম দুৰ্ব্বাদলে, যথা জল বিন্দুজলে
ছায়াবৃত জলে যেন শোভে কমলিনী,
বিস্তীৰ্ণ সমুদ্ৰে কিম্বা ধৱল তৰণী।
সিৰূপে তুমিও সেই বিস্তীৰ্ণ গগনে
ৰজতেৰে দেহ সাজি শোভিছা হে মেঘ আজি
দেখোঁতে জুৰায় ক্ষুদ্ৰ আয়তনে,
উদিছা নতুন ভাৱেসুকোমল মনে।
পূৰ্ব্বদিশে ধীৰে ধীৰে বহে সমীৰণ,
তাহাক বাহন কৰি সহৰ্ষে স্কন্ধত চৰি
ধীৰে ধীৰে ভাহি যোৱা গজেন্দ্ৰ গমন,
ধীৰে ধীৰে জলস্ৰোত যেন হংসগণ।
শান্ত মূৰ্তি, শান্ত ভাৱ কৰিছা ধাৰণ;
অমৃতেৰে দেহ ধুই আহিছা পবিত্ৰ হুই
সৰল কোমল মনে দিছা দৰশন,
এই দৰশন আজি নয়ন-ৰঞ্জন।
ই ৰূপ প্ৰশান্ত ভাব দৰ্শিলে তোমাৰ
বিশ্বাস নহয় মনে তুমিয়েযে এতিক্ষণে
ঘূৰি পুনঃ ধৰিবাহা বিশাল আকাৰ,
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।।
নহয় বিশ্বাস হেন কোমলতা হায়,
কাঠিন্যে যে পৰিণত হইবেক নেমেষত,
ধৰিবা কৰাল মূৰ্তি ত্যজি ক্ষুদ্ৰ কায়,
গৰ্জ্জিবা সুঘোৰ নাদে মেদিনী কঁপায়।
অথবা, বিশ্বাস নহ’ব কিয়? প্ৰত্যক্ষ প্ৰমাণ;
সদায় দেখিছো আমি নানা ৰূপ ধৰি তুমি
ৰঙা, বগা, হালধীয়া কাঞ্চন সমান,
দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূণ্য স্থান।
দৰশিছো কেতিয়াবা বিকট দৰ্শন;
কৃষ্ণ দেহ ক্ৰোধ-মনে, দিগন্ত বিয়াপি ক্ষণে
দৰশোৱা বিভীষিকা চপল নৰ্ত্তন;
কঁপিছো শুনিয়া তব ভীষণ গৰ্জ্জন।।
দৰশিছো কেতিয়াবা শিলা বৰষণে,
সযত্নে পালিত কত শস্যগণ কৰা নষ্ট
প্ৰাণীসৱ বধ কৰা বজ্ৰ-নিক্ষেপণে,
ইমত নিৰ্দ্দয় তুমি, সোধোঁ কি কাৰণে।
কি ভাবি হে মেঘ, আজি শ্বেত কলেবৰ
শ্বেত যেন তুলা ৰাশি, কিম্বা বৰফৰ ৰাশি
অতি ক্ষুদ্ৰ আয়তনে সুদূৰ অম্বৰে,
হইল উদয় কোৱা কি ভাবি অন্তৰে।