পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেজৰ বৰষুণ

 নামটো পঢ়ি ভয় খাইছে নিশ্চয়! ভয় খোৱাৰে কথা। দিনত ঘৰৰ বাহিৰত ঠিয় হৈ থাকোতে যদি হঠাতে ৰঙা বৰষুণ আপোনাৰ গাত পৰে, তেন্তে সঁচাই ভয় খোৱাৰে কথা। তেজ নহয় যদিও সঁচাকৈয়ে ৰঙা ৰঙৰ বৰষুণ কেৰেলাৰ কোট্টায়াম আৰু ইদুক্কি জিলাত ২০০১ চনৰ ২৫ জুলাইৰ পৰা ২৩ চেপ্তেম্বৰ লৈকে হৈছিল। এইটোৱেই প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ আগতেও ১৮৯৬ চনত এনেকুৱা ৰঙা ৰঙৰ বৰষুণ কেৰেলাত হোৱা তথ্য পোৱা গৈছিল। আৰু মাত্ৰ কেইবছৰমান আগত অৰ্থাৎ ২০১২ চনৰ জুন মাহতো পুনৰ এই ৰঙা বৰষুণ হৈছিল। আৰু তাৰ ঠিক কেইমাহমান পিছতেই ১৫ নৱেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে শ্ৰীলংকাৰ পূব আৰু মধ্য উত্তৰ ঠাইত ৰঙা ৰঙৰ বৰষুণ হৈছিল। ইয়াৰ আগে পিছেও এনেকুৱা আৰু কেইবাবাৰো হৈছিল বুলি জানিব পৰা যায়।

 ২০০১ চনত হোৱা বৰষুণৰ বিষয়ে সেই ঠাইৰ নিবাসীসকলে কয় যে ৰঙা বৰষুণ অলপ ঠাই যেনে ২-৩কি.মি. ঠাইৰ ভিতৰতে হৈছিল। আৰু এই বৰষুণ আৰম্ভ হোৱাৰ আগত তেওঁলোকে অতিশব্দ (sonic boom) শুনাৰ কথা কয় আৰু সেই ঠাইৰ বহুত গছৰ পাত হঠাতে পুৰি শেষ হৈ যোৱা দেখে বুলিও তেওঁলোকে কয়। ইয়াৰ লগতে হঠাতে কুঁৱাৰ পানীও শুকাই যোৱাও পৰিলক্ষিত হয় বুলি স্থানীয় লোকে পিছত কয়। ইয়াৰ কাৰণ কোনেও নাজানিলেও এই ৰঙা বৰষুণৰ কাৰণ জানিবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হৈছিল। প্ৰথমতে যদিও ভবা হৈছিল যে এই ৰঙা ৰঙ উল্কাপিণ্ডৰ বিস্ফোৰণৰ বাবে হৈছিল, কিন্তু পিছত এই কথা নুই কৰা হয়। কিয়নো

সঁচাকৈয়ে যদি উল্কা বিস্ফোৰণৰ বাবেই হ’লহেতেন তেন্তে এই ৰঙা ৰঙ কেৱল সীমিত

(ৰহস্যময় ভাৰত) ১১