পৃষ্ঠা:হাতেম তাই.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৩৯
 

আজি আৰোগ্য হৈ উঠিলোঁ, এনে লাগিছে।” হাতেমক সোধাত আগ ৰাতিৰ সমস্ত কথা তেওঁ বৰ্ণাই বৰ্ণাই কলে আৰু সাত হাত মাটিৰ তলত সাপ পোতা আছে, এই কথাও কলে। আৰু কলে—“এতিয়াৰপৰা এই কুঁৱৰী নিৰাপদ হল।” ৰজাই এই কথা শুনি ততালিকে আহিল। তেওঁ হাতেমক সেই ছোৱালীজনী বিয়া কৰাবলৈ অনুৰোধ কৰিলত হাতেমো মান্তি হল। তাৰ পাচত হাতেমে তাতে তিনি মাহ গৃহস্থী কৰি থাকিল। তিনি মাহৰ পাচত কুঁৱৰী গৰ্ভৱতী হলত হাতেম তাৰপৰা বিদায় হৈ গল। যাবৰ সময়ত কুঁৱৰীক কলে—“তোমাৰ গৰ্ভত যি সন্তান হয় সি এমন দেশৰ ত্বয় বংশৰ সন্তান হব। কাৰণ মই সেই বংশৰ মানুহ। যদি লৰা হয়, ডাঙৰ হলে যদি সি যাব খোজে তেন্তে “এমন” দেশলৈ পঠিৱাই দিবা। আৰু যদি ছোৱালী হয় তেন্তে এজন ধৰ্মভীৰু চাই সৎ মানুহক বিয়া দিবা। যদি জীয়াই থাকে, তেন্তে আৰু এবাৰ দেখাদেখি হব।”

 ইয়াৰ পাচত হাতেম গৈ গৈ বহুদিনৰ মুৰত চীনদেশ পালেগৈ। তাত গৈ সদাগৰ পাৰাত ইউছুফ সদাগৰৰ বংশ পৰিয়ালৰ খবৰ কবলৈ ধৰিলেগৈ। বিচাৰোঁতে বিচাৰোঁতে ইউচুৰ পুতেকক পাই সকলো কথা তেওঁক জনালে। বিশেষকৈ কত কেনেকৈ ধন পোতা আছে তাকো কলে। আৰু কলে ধন খিনি পালে তাৰে চাৰি ভাগ কৰি তিনি ভাগ ধৰ্ম কামত খৰচ কৰিবলৈ বাপেকে কৈ পঠিৱাইছে। ইউচুফৰ পুতেকে এই কথা বাদচাহক জনাবলৈ কলে। হাতেম তেতিয়াই ৰজাৰ তালৈ গল। ৰজাই প্ৰথমে হাতেমৰ কথা শুনি অবিশ্বাস আৰু উপলুঙা কৰি তেওঁক ৰাইজৰ বাজ কৰি দিয়া হুকুম দিছিল। পাচত হাতেমে বৰকৈ কোৱাত তেওঁৰ কথাৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে ইউচুফ সদাগৰৰ ঘৰলৈ গল। তাত নিৰ্দিষ্ট ঠাই খান্দিলত অসংখ্য ধন সম্পত্তি পালে। ৰজাই হাতেমৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি এহিচা ইউচুফৰ পুতেকক দিলে আৰু তিনি হিচা পুণ্য কাজত খৰচ কৰিবলৈ হাতেমক দিলে। হাতেমো তাতে কিছুদিন থাকি ইউছুফৰ নামেৰে বহু দান পুণ্য কৰিলে। সেই দেশত যত