পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
দ্বিতীয় সৰ্গ
 

গৰুড়,—কৰিলা গতি সদাগতি বেগে
হই পাৰ পৰাবাৰ, যথা লঙ্কাপুৰী।
অনুশৰী-অঙ্গাঘাতে হল আন্দোলিত
সবেগে অনিল; যথা অনিল-আঘাতে
হোৱে আন্দোলিত বেগে অম্বুধি-জীৱন।
দেখি ভয়ঙ্কৰীৰূপা নিশাচৰী গতি
সবেগে গগণগথে, গগণ-বিহাৰী
পড়িল পতত্ৰীগণ সভয়ে ভূতলে।


 সদাগতি—বায়ু। পাৰাবাৰ—সমুদ্ৰ। অনুশৰী—ৰাক্ষসী। অম্বুধি-জীৱন—সমুদ্ৰৰ জল। পতত্ৰী—পক্ষী।