পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই বিষয়-জঞ্জালৰ সংসাৰত প্ৰায় দেখিবলৈ পোৱা যায় যে, মানুহে যিদৰে কোনো এটা কাম কৰিম বুলি প্ৰথমে মনত পাতে, তেনেকৈ তাক কৰি এঁটাব নোৱাৰে। পোনতে মোৰ মনত যেনে ভাব হৈছিল, এই সৰু পুথিখনি সেই ভাবৰ অসম্পূৰ্ণ কাৰ্য্য মাথোন। মোৰ এই পাত কেইটিত অনেক দোষ আছে; কিন্তু, আশা কৰোঁ, সৰ্বসাধাৰণে তেওঁবিলাকৰ নিজৰ মত দিওঁতে, যেন ক্ষমাপ্ৰকাশ কৰে; কিয়নো, প্ৰথমতঃ, মোৰ বিদ্যা আৰু গুণ কম, আৰু দ্বিতীয়তঃ, অসমীয়া ভাষা অলপ থিত হবলৈ যদিও বহু কাল নাই, তথাপি সম্প্ৰতি, সি কেচুৱা অৱস্থা পাৰ হোৱা নাই বুলিব লাগে।

 বেলেগ বেলেগ শ্ৰেণীৰ লৰাৰ নিমিত্তে উপযোগী পাঠ বাছি লব পৰা যাব, এই উদ্দেশেৰে, পুথিখনিত বিবিধ ধৰণৰ পাঠ লিখা হৈছে।

ডিবরুগড়।
২৪ আহাৰ, ১৮১৭ শঁক।

শ্ৰীবেণুধৰ ৰাজখোৱা ৷