সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
৺শঙ্কৰদেৱ।

আমি যাক কহোঁ   তাকে কৰি বেক
 শাস্ত্ৰৰ হেন যুগুতি।
আপুনাকে বৰ   পণ্ডিত মানিয়া
 প্ৰকাশে হৰি ভকতি॥ ২৭০
শীৰি ধৰ ভট্টা   চাৰ্য্যে বোলে মঞি
 বখানি তৰ্ক মীমাংসা।
শঙ্কৰৰ মত   কৰিবোঁ দূষিত
 দেখিবা মোহোৰ কক্ষা॥
আমি নাম লব্ধ   পৰম পণ্ডিত
 সমস্তে শাস্ত্ৰে পাৰ্গত।
কোনে নজানয়   নিচিনয় কোনে
 সমস্তে ইটো লোকত॥ ২৭১
ব্ৰহ্মানন্দ ভট্টা   চাৰ্য্যে বুলিলন্ত
 শুনিয়ো ধীৰ সমাজ।
শঙ্কৰৰ মত   কেহো নধৰিবোঁ
 আপুনি পাইবেক লাজ॥
আনো লোক সম   স্তকে শিক্ষা দিবোঁ
 নধৰিবে তান মত।
লোকে সমে আমি   একে মতি ভৈলে
 ৰাখিবোঁ কক্ষা সমস্ত॥ ২৭২