সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
৺শঙ্কৰদেৱ।

ৰাজাৰ সিলাই পূজকে নপাইলে
 স্বপ্নক সিয়ো দেখাৱে।
তোমাৰ কৃষ্ণক কোনে নেদেখয়
 যেবে ধৰ্ম্ম সত্য হোৱে॥ ৮৫০
নাৰায়ণে বোলে  শুনিবি হৰিষা
 সংশয় নকৰ মনে।
পূৰ্ব্ব জন্মে যিবা  পাপ কৰি আছোঁ
 ভুঞ্জোঁহো তাক আপুনে।
পাপৰ পুণ্যৰ দুই গোটা ফল
 জানিবি আক নিশ্চয়।
পুণ্যফল সুখ পাপফল দুখ
 ভুঞ্জিলে সে হৱে ক্ষয়॥ ৮৫১
এতেকে আমাৰ  ভুঞ্জিবাক লাগে
 নকৰহোঁ দুখ মন।
এতেক কহন্তে  হৰি নিদ্ৰা গৈলা
 দেখিলে পাচে সপোন।
আকাশৰ পৰা  দিব্য বিমানেক
 ভূমিক নামিয়া আসে।
কৌণ্টি যে সূৰ্য্যতো কৰিয়া অধিক
 বিমান খান প্ৰকাশে॥ ৮৫২