পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীক্ষেত্ৰ।

১। পৌৰাণিক কাহিনী।

 ইন্দ্ৰদ্যুম্ন ৰজাঃ—সত্য কালৰ ৰজা এজনৰ নাম ইন্দ্ৰদ্যুম্ন আছিল। এওঁৰ ৰাজনগৰ অবন্তীনগৰ। এওঁ পৰম ধাৰ্ম্মিক আৰু সত্যবাদী ৰজা। এওঁ সৰুৰে পৰা দেৱ দেৱী পূজা কৰি ফুৰিছিল। অৱশেষত আন সকলো দেৱ দেৱী এৰি কেৱল বিষ্ণু দেৱক আৰাধনা কৰিব মনস্থ কৰিলে। বিষ্ণুক আৰাধনা কৰিবলৈ ভাবোতেই এওঁৰ মনত বৰ আনন্দ লাগিল। “মনত সঙ্কল্প কৰোঁতেই ইমান আনন্দ লাগিল, স্বয়ং বিষ্ণু দেৱৰ দৰ্শন পালে বা আৰু কিমান আনন্দ পাম”। এইদৰে চিন্তা কৰি ৰজাই একান্ত মনে বিষ্ণু দেৱক আৰাধনা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে।

 বিষ্ণুসেৱাৰ উপায়ঃ—ৰজাই প্ৰতিজ্ঞা কৰিলে সঁচা। কিন্তু বিষ্ণুক ক’ত আৰাধনা কৰে; কেনেকৈ পূজা কৰে; কেনে অৱস্থাত সেৱা তুতি ভক্তি কৰে, এয়ে হল ৰজাৰ চিন্তাৰ কাৰণ। ৰজা মহা ভাৱনাত পৰিল। পৃথিবীৰ সকলো তীৰ্থ স্থানৰ পট মনত পৰিল। অৱশেষত পুৰুষোত্তম ক্ষেত্ৰৰ নাম মনত পৰিল।