পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
শ্ৰীক্ষেত্ৰ।
 

১৪৷ নব যৌবন দৃশ্য।

 স্নানৰ পাচত জগন্নাথ দেৱক মন্দিৰৰ ভিতৰত স্থাপনা কৰি মন্দিৰৰ দুৱাৰ ১৫ দিন বন্ধ ৰাখে। তাৰ কাৰণ হৈছে সেই ১৫ দিন জগন্নাথ দেৱৰ শৰীৰ অসুস্থ থাকে। ১৫ দিনৰ মূৰত আকৌ সুস্থ হয়। শৰীৰ সুস্থ হলে পাতৰ নতুন বস্ত্ৰ পৰিধান কৰাই জগন্নাথক যৌৱন ৰূপ কৰি তোলে। এই যৌবন ৰূপেই হৈছে জগন্নাথৰ নব-যৌবন। এই নব যৌবন ৰূপ দৰ্শন আৰু স্পৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইমান ভিৰ হয় যে মন্দিৰৰ এখন দুৱাৰ মুখত এটকা মাছুল লৈহে মন্দিৰলৈ সোমাব দিয়া হয়। এটকা ৰূপ মাছুল একোৱেই নহয়। শত শত মানুহ সোমাবই লাগিছে। আকৌ সিংহ দ্বাৰৰ ফালে বিনা মাছুলে সোমাব পৰা কৰি দুৱাৰ খোলা থাকে। এই সিংহ দ্বাৰত অসংখ্য লোক। পানীত তৃণ ভাহা দি বহুতে লোকাৰণ্যৰ মাজত নিজৰ দেহ এৰি দি লাহে লাহে মন্দিৰৰ ভিতৰলৈ সোমাব ধৰে। থেলাথেলি, হেচাহেচি লগাই আছে। কিন্তু কোনোৱে কাকো যাবলৈ বাধা নিদিয়ে। তুমিও যোৱা, ময়ো যাওঁ, তেৱোঁ যাওক এই ভাৱ। সকলোৱে প্ৰভুৰ দৰ্শন পাওক, এয়ে সকলোৰে বাঞ্ছা।


১৫। ৰথৰ দৃশ্য।

 নব যৌবনৰ পাচ দিনাই ৰথযাত্ৰা। তিনিওখন ৰথ সুন্দৰকৈ সজাই সিংহ দ্বাৰৰ সমুখত ৰখা হয়। ৰাতি পুৱা ৮টা মান বজাত