পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 (৫৩) ওপৰ-তল হাত—(মনোযোগিতা খেল):-
 “ওপৰ” বুলিলে হাত ওপৰলৈ দাঙিব, “তল” বুলিলে তললৈ নমাব। পানীত—পাৰত খেল খেলাত ভুল হোৱাৰ দৰে যাৰে ভুল হয়, তেৱেঁ কটা পৰে। যাৰে বেচি কটা পৰে সেইদলেই হাৰে।

 (৫৪) মই কওঁ, এলাৰ্ট –(মনোযোগিতা খেল):–
 "মই কওঁ”বাক্যেৰে কিবা এটা আদেশ দিলে পালন কৰিব লাগে। “মই কওঁ এলাট্" বুলিলে ল’ৰাবেৰে এলাৰ্ট্ হ’ব, “মই কওঁ ষ্টেণ্ড্ এট ইজ” বুলিলে ল’ৰাবোৰ ষ্টেণ্ড্ এট্‌ ইজ হ’ব। অকল “এলাৰ্ট্" বা “ষ্টেণ্ড্ এট্‌ ইজ” বুলিলে যি ভৰি লৰাব তেওঁৰ ভুল হ’ব আৰু কটা পৰিব। যি দলৰে বেচি কটা পৰে সেই দলেই হাৰে।

 (৫৫) ৰুমাল পেলা:-
 ল’ৰাবোৰ মণ্ডল পাতি বহিব বা থিয় হ’ব। এটা ল’ৰাই (আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত) মণ্ডলটোৰ বাহিৰেদি লৰ মাৰি ঘূৰিব আৰু কাৰোবাৰ পাছত গম নোপোৱাকৈ ৰুমাল এখন পেলাই যাব। যিজনৰ পাছত ৰুমালখন পেলাব তেওঁ ততালিকে তুলি লৈ পেলাওঁতা ল’ৰাটোক খালী ঠাই ডোখৰ নৌ পাওঁতেই ধৰিবলৈ খেদি যাব। যদি ধৰিব পাৰে খেদোঁতাই খালী ঠাই ল’ব আৰু পেলাওঁতাই আকৌ কাৰোবাৰ পাছত পেলাই খেল পুনৰ আৰম্ভ কৰিব, আৰু যদি ধৰিব। নোৱাৰে খেদোঁতাই কাৰোবাৰ পাছত ৰুমাল পেলাই খেল পুনৰ আৰম্ভ কৰিব।