পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দ্বিতীয় আধ্যা

সোমাই ললে। অগত্যা মই সোমাবলগীয়াত পৰিলোঁ , যদিও তেনে unpleasant অৰ্থাৎ অপ্ৰীতিকৰ কাৰ্য্যত সোমাবৰ মন মোৰ সমুলি নাছিল। তেওঁলোকে ভাবিছিল, পুৰ্ব্ববঙ্গৰ ভাষাও যেনেকৈ নদীয়া-শান্তিপুৰ কলিকতীয়া ভাষাৰ এটা বেবেৰিবাং অৱস্থা বা দুৰৱস্থা, অসমীয়া ভাষাও তেনে। তেওঁলোকৰ ইচ্ছা, মই অসমীয়া ভাষাৰ হকে চেষ্টা চৰিত্ৰ পৰিত্যাগ কৰি বঙ্গভাষাৰ উন্নতি কামনাত লাগি যাওঁ। তাৰ গুৰিত এনে এটা ভাবো আছিল যে তেওঁলোকৰ পৰিবৰ-ভুক্ত জোঁৱাই মই যেন সম্পূৰ্ণৰূপে বঙ্গালী হৈ যাওঁ। কিন্তু, লাহে লাহে তেওঁলোকে দেখিবলৈ পালে যে ইংৰাজীত কবৰ নিচিনা “They have caught a Tartar in me,” মই অজীণপাতকী হৈ দেখা দিলোঁ। তেওঁলোকৰ সুখৰ সপোনত ব্যাঘাত ঘটিল, মই তেওঁলোকক নিৰাশ কৰিলোঁ। মোৰ সাজ-পাৰো তেওঁলোকে তেওঁলোকৰ পৰিবাৰত প্ৰচলিত সাজ-পাৰৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল; তাতো মই তেওঁলোকক নিৰাশ কৰিলোঁ। অসমীয়া ভাষাৰ হকে মোৰ হাতত ডাঙৰ ৰামটাঙোনডাল দেখি তেওঁলোকৰ মন ভাগি গ’ল। দিনে দিনে ভাষাৰ তৰ্কৰ পথাৰখন বহল হৈ যাবলৈ ধৰিলে আৰু, ডেকাদলৰ অধিপতি “ৰবিকাকাইও” গতি বিষম দেখি মৌনাৱলম্বন কৰিলে। এই খণ্ড-যুদ্ধৰ প্ৰণালীৰ সেইখিনিতে অৱসান। তেতিয়াৰেপৰা আজি এই বুঢ়া বয়সলৈকে ডাঙৰ ঠাকুৰে তেওঁৰ পোহ নোলোৱা জোঁৱায়েকেৰে সৈতে সেই বিষয়ে তৰ্ক কৰা এৰি দিলে আৰু মোৰ আগত কোনো মন্তব্যও প্ৰকাশ কৰা নাই। মাথোন এবাৰ শ্বিলঙত এষাৰ কথা তেওঁ মোক কৈছিল অলপ বেজাৰ মিহলিকৈ “তোমৰাইতো আসামকে বাৰ কৰে নিয়ে বাংলা ভাষাৰ পৰিসৰ কমিয়ে দিলে। বই লিখে ছাপা কৰতে গ্ৰন্থকাৰদেৰ আৰ উৎসাহ থাকে কোথায়?” তেওঁ মোৰ গুৰুজন। কোনো তৰ্ক নকৰি মনে মনে থাকিলোঁ। কাৰণ তেনে অপকৰ্ম্ম (?) যদি হৈছে, অকল মোৰেপৰাই হোৱা নাই, মোৰ লগত বিস্তৰ বাহুবলী ৰণুৱা আছে, মই তাৰ ভিতৰত ৰণুৱা যদিও, এটা ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰণুৱা মাথোন।

 মোক ষোল অনা বঙ্গালী কৰিবলৈ মোৰ সাহিত্যিক জেঠেৰী সকলৰ আৰু, খুলশালীসকলৰ ইমান আগ্ৰহ হৈছিল যে কবলৈ গলেও মোৰ হাঁহি উঠে। সেই কথাটো পিছলৈ থৈ তাৰ আগতে, মই কবলৈ পাহৰি অহা এটা কথা কওঁ। মোৰে সৈতে মোৰ সাহিত্যিক জেঠেৰী সকলৰ তৰ্ক বাঢ়ি গৈ যেতিয়া “ৰবিকাকা”ৰ কাষ পালেগৈ এদিন শহুৰ জোঁৱাইৰ ভিতৰত লাগিল সৰু-সুৰা তৰ্ক যুদ্ধ এখন। তৰ্কৰ পিছতো দুদিন চাৰিদিনলৈকে তাৰ কৰ্পটি চলিছিল। তাৰ পিছত মুখৰ তৰ্ক স্থগিত হ’ল আৰু “ভাৰতী” কাকতত “ৰবিকাকা’’ই অসমীয়া ভাষাৰ ওপৰত মন্তব্য প্ৰকাশ কৰি এটা প্ৰবন্ধ লেখিলে। মই লেখিলোঁ তাৰ প্ৰতিবাদ এটা আৰু দিলোঁ পঠিয়াই “ভাৰতীত” ছপাবলৈ। প্ৰতিবাদ প্ৰবন্ধটো খৰা-মুৰা হৈ “ভাৰতীত” ছপা হ’ল। সিফালে “পুণ্য”তো মোৰ প্ৰতিবাদ প্ৰবন্ধ ওলাল। সেইখিনিতে দুই ফালৰ তৰ্কযুদ্ধৰ ওৰ। মোৰ ঘৈণীৰ ফালৰ কুটুমসকলে দেখিলে যে এইটো জাতি কৰিব নোৱাৰা জেব্ৰাৰ (zebra) জাতীয় জোঁৱাই। তেওঁলোক নিশ্চেষ্ট হ’ল।

 ওপৰত উল্লেখ কৰা হাঁহি উঠা কথাটোলৈ এতিয়া আহোঁ।—“পুণ্য” কাকতত