গদাপাণিক পাখীৰ আঁৰত আবৰি ৰাখিলে। ৰজাই বিচাৰি ফুৰা মানুহক আশ্ৰয় দিওঁতা লোক সতকাই নোলায়। ৰজাৰ চৰীয়াই পিঁয়া-পিঁ দি গদাপাণিক বিচাৰি ফুৰিছিল।
ইমানতো বগী পোহাৰীয়ে তেওঁক থাকিবলৈ ঠাই দিলে। ধন্য বগী-পোহাৰী, তোমাৰ কীৰ্ত্তি অতুলনীয়! এই বগ পোহাৰীৰ নামেৰেই পাচত গদাধৰ সিংহই বগী দৌল নিৰ্ম্মাণ কৰিলে। গদাপাণিয়ে নগৰৰ ওচৰত থকাটো নিৰাপদ নহয় যেন ভাবি জয়মতীৰে পৰামৰ্শ কৰি নগা পৰ্ব্বতলৈ গল। জয়মতীৰ মৃত্যুৰ পাচত তেওঁ নগা পৰ্ব্বতৰপৰা ওলাই আহি ভটিয়াই যাবলৈ ধৰিলে। বোকাখাটৰ টঙা দলৈ দৈৱজ্ঞৰ ঘৰতো কিছু দিন আছিল। দলৈয়ে যত্ন কৰি তেওঁক ৰাখিছিল। তেওঁ গদাপাণিৰ ভবিষ্যৎ গণণা কৰি কলে “আপুনি ৰজা হ’ব লাগে”। তাৰপৰা গদাপাণি কলিয়াবৰ অভিমুখে যাত্ৰ৷ কৰিলে। শলাল গোহাঁইক লগ পাই তেওঁক সকলো বৃত্তান্ত ক’লে। শলাল গোহাঁয়ে কোৱঁৰক সাহ দিলে,আৰু নিজেও যৎপৰোনাস্তি সহায় কৰিম বুলি কলে। তাৰপৰা গৈ চান্দকুচীয়া বৰুৱাৰ ঘৰতো গদাপাণি কেইদিনমান থাকিল গৈ। গদাপাণিৰ বাইদেৱেক বাউলী আইদেও গুৱাহাটীৰ বন্দৰ বৰফুকনৰ ভাৰ্য্যা। গদাপাণিয়ে ভিনীহিদেৱেকৰ আগত উজনীৰ দুৰৱস্থাৰ বিবৰণ দিলে। বৰফুকনে মনত বৰ দুখ পালে আৰু গদাপাণিক লগত লৈ স-সৈন্যে উজনীৰ ফালে যাত্ৰা কৰিলে।
পৃষ্ঠা:মহাসতী জয়মতী.pdf/৬২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
মহাসতী জয়মতী।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/30/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4%E0%A7%80_%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%AE%E0%A6%A4%E0%A7%80.pdf/page62-647px-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4%E0%A7%80_%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%AE%E0%A6%A4%E0%A7%80.pdf.jpg)