পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

স্বৰ্গ-সুখ এতেকে নিষ্ফল অতিশয়।
বিঘিনি বৈগুণ্য আদি যদি নুহিকয়॥
তথাপিতো নাশ দুঃখ অৱশ্যে আছয়।
সুনিশ্চিত ৰূপে যদি কৰ্ম্ম আচৰয়॥
ইষ্টদেৱ ইন্দ্ৰাদিক যজ্ঞত যজয়।
নিজ পুণ্য সাধিয়া স্বৰ্গক চলি যায়।
দেৱে যেন ভুঞ্জে তৈতে দিব্য ভোগ পায়॥
সৰ্ব্বভোগে সম্পূৰ্ণ বিমানে থাকে চড়ি।
গন্ধৰ্ব্ব সকলে গীত গায় তাল ধৰি॥
দেৱ-স্ত্ৰীৰ মাজে কৰে অনেক বিহাৰ।
ফুৰে ৰঙ্গে বিমানে ইচ্ছায় আপোনাৰ॥
নন্দনাদি স্থানে ক্ৰীড়া আনন্দে কৰয়।
আপুনি হৈবেক পাত তাকো নজানয়॥
তাৱতেসে ক্ৰীড়ৈ মহা আনন্দে স্বৰ্গত।
যাৱত নুহিকে আসি পুণ্য সমাপত॥
ভৈল ক্ষয় যেৱে সিটো নিজ পুণ্যচয়।
মহা দুঃখে স্বৰ্গ সুখ এড়িয়া পৰয়॥
নাহিকয় ইচ্ছা স্বৰ্গ-সুখ এড়িবাক।
তথাপিতো কালে আসি পেলাৱয় তাক॥

(ৰত্নাকৰ ভাঃ, ৯৪৯-৯৫৫)

২। স্বৰ্গতো নাহিকে সুখ দুঃখেসে কেৱল।
 স্বৰ্গৰ নিমিত্তে কৰ্ম্ম সকলে বিফল॥