এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
[ ১৫৬ পৃঃ ] একশৰণ—ভগৱন্তই গীতাত কৈছে :— “সৰ্ব্ব ধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।” (গীতা,১৮৷৬৬) অৰ্থাৎ তুমি সকলো ধৰ্ম্ম পৰিত্যাগ কৰি কেৱল মোত শৰণ লোৱা।
উপনিষদেও কয়—“তং হ দেৱমাত্মবুদ্ধিপ্ৰকাশং মুমুক্ষুৰ্ৱৈ শৰণমহং প্ৰপদ্যে” —(শ্বেতাশ্বতৰোপনিষদ, ৬৷১৮)
অৰ্থাৎ, সেই আত্মবুদ্ধিপ্ৰকাশ ঈশ্বৰত মই সংসাৰ-সাগৰ পাৰ হবলৈ ইচ্ছা কৰি শৰণ লওঁ।
“শৰণ”ৰ অৰ্থ আশ্ৰয়। মহাপুৰুষ মাধৱদেৱে এই অৰ্থ প্ৰকাশ কৰিছে :—
যেনে, “তীৰ্থ-পদ ভগৱন্ত কৃষ্ণৰ চৰণে৷
সৰ্ব্বভাৱে আশ্ৰয় কৰিলে যিটো জনে॥
সিটো সাধুসৱৰ সুলভ সৰ্ব্ব সুখ।
তৰিল অযত্নে ইহ পৰলোক দুখ॥“
(ৰত্নাৱলী, ১১৫১ )
আকৌ, “বোলন্ত বিদুৰ শুনা ব্যাসৰ তনয়৷
হৰি পদযুগ যিটো কৰিল আশ্ৰয়॥
ঘোৰ সংসাৰৰ তিনি তাপ বিপৰীত।
সিটো সাধু মনুষ্যক নপাৱে বাধিত॥”
(ৰত্নাৱলী, ১১৫৩)।