পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

পুত্ৰসবক জীয়াই আনি। মহাপুৰুষ মাধৱদেৱে কৈছে :—

প্ৰাকৃত সহিতে মিত্ৰৱতি ভৈল যাৰ।
অন্যো অন্যে দুইকো দুই চাহে উপকাৰ॥”

(—ৰত্নাৱলী, ১১২৪)

 [ ১৫৫ পৃঃ ] আত্ম-নিবেদন—মাধৱদেৱ পুৰুষে লেখিছে :—

“আত্ম-নিবেদন ভক্তি কৰো নিৰূপণ॥
অৰ্পিলেক দেহ যিটো কৃষ্ণক সাক্ষাত।
হোৱয় কৃতাৰ্থ অতি কৃষ্ণৰ কৃপাত॥

( ৰত্নাৱলী, ১১৩১)


ইয়াৰ এটি উদাহৰণো দিছে :-
“যেন গৰু পৰত বিকিলে যিটো জনে।
পোষণ পালণ চিন্তা নকৰে সিজনে॥
সেহিমতে মোত অৰ্পি দেহাদি সমস্ত।
ৰৈল যিটো জন হৈয়া অচিন্ত মনত॥
কেৱলে কৰয় চিন্তা ভকতিক মাত্ৰ।
ভৈল সিটো মোৰ ইষ্ট কৰিবাৰ পাত্ৰ॥
মই তাৰ হিত চিন্তা কৰো অতিশয়।
অপ্ৰয়াসে সিটো সুখে মুকুতি পাৱয়॥
হয়ে যোগ্য মোহোৰ সমান ঐশ্বৰ্য্যক।”

(ৰত্নাৱলী, ১১৩৫-১১৩৭)