পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

 এই খনি পুথি ইংলণ্ডীয় মহাকবি চেক্সপিয়েৰৰ “কমিডি অব, এৰৰ্চৰ” অসমীয়া ভাষালৈ ভাঙনি। ইয়াত অনেক দোষ আছে; পাঠকে নিজগুণে সেইবিলাক মৰ্ষিব যেন, এই আমাৰ প্ৰাৰ্থনা। চেক্সপিয়েৰৰ নাটক এখন অসমীয়ালৈ ভঙাত অনেক অসুবিধা। প্ৰথম চেক্সপিয়েৰৰ ভাব আৰু ভাষা এনে কঠিন যে বিদেশী মানুহে নালাগে ইংৰাজ পণ্ডিত সকলেই সেই বিলাকৰ অৰ্থ থিৰ কৰিব পৰা নাই। তদুপৰি নাটক ইংৰাজী, ভাব ইংৰাজী, আচাৰ-ব্যৱহাৰ ইংৰাজী, তাৰ সকলোবিলাক অসমীয়া ভাষাত সুমুৱাব পৰাটো উজু কথা নহয়; বাধ্য হৈ কিছুমান এড়ি দিব লগাত পৰে। যিমান পাৰি কবিৰ ভাব ৰাখিবৰ চেষ্টা কৰাত আমি অলপো ত্ৰুটি কৰা নাই। নোৱা- ৰাত হে মাজে মাজে অলপ অচৰপ এড়া পড়িছে। যত এড়িব লগা হৈছে ত’ত আমি *  * এনেকুৱা কুট দি দেখুৱাইছোঁ। কোনো কোনো ঠাইত আমাৰ দেশৰ আচাৰ-ব্যৱহাৰেৰে মিলাবৰ নিমিত্তে কবিৰ মুল ভাবৰো পৰিবৰ্ত্তন কৰা হৈছে। কিন্তু কবিৰ কবিত্ব যাতে নষ্ট নোহোৱাকৈ থাকে, তালৈ বিশেষকৈ চকু নিদি কৰা নাই। তথাপি আমি হাত দিয়াত মহাকবিৰ কবিত্ব ঠায়ে ঠায়ে নষ্ট হোৱা নাই, এনে বুলিব নোৱাৰে; গুণগ্ৰাহী পাঠকসকলে দোষ এড়ি গুণলৈ অধিককৈ চাই আমাক উৎসাহ দিয়ে, এয়ে আমাৰ আশা; আৰু সেই