মুক্তি।—নমৰাঁ। ভূতৰ ভ্ৰম এৰিব পাৰিলে কানিও এৰিব পাৰিবাহঁক; সকলো অভ্যাসৰ তল। ভূত নপতিয়াবলৈ শিকোৱাৰ লগতে কানি এৰিবলৈকে শিকাম।
বেজ।— বুজিলোঁ। বাৰু, কানীয়া-ভকতৰ হৈ যি হয় কৰিবাহঁক, পিচে আমাৰ দশা কি হব?
ধৰ্ম।—তোমালোকৰো সু-দশা মিলিব। তাৰো এটা সহজ উপায় কৰা যাব। বেজে কেনেকৈ ব্যাধি চাব লাগে, তাৰো সু- দিহা দিয়া হব।
সোণ।—এটা এটাকৈ হে। পোনেই ভূত-ভ্ৰম গুচোৱা, তাৰ পাচত কানি এৰুৱা, তাৰৰ পাচত বেজ-বিধি শিকোৱা। ইত্যাদি।
ফজল।—হঁচা। একেলগে একে হময়তে কেবাটাও কামত ধৰিলে এটাও হুকলমে হিদ্ধি নহব।
মুক্তি।—আহ্মদ চাহাবে ভাল কৈছাঁ, এবাৰত এটাকৈ হে ধৰা উচিত। তেহে নিয়াৰিকৈ কাৰ্য সমাধা কৰিব পৰা যাব।
ভূত।—সেয়ে হয়। ইয়াৰ পাচত আমি এটা কাৰ্যক্ৰম্ বান্ধি লমহঁক। সেইমতে কাম কৰি গৈ থকা হব। আজিৰপৰা এই কানীয়া ভকত আৰু বেজ জনো আমাৰ লগৰীয়া হল। ইবিলাকৰ জীবিকাৰ অৰ্থেও অনতিপলমে এটা সু-ব্যৱস্থা কৰা যাব। সদ্যহতে, ভূত-ভ্ৰম নিৰাকৰণ কৰাটোকেই আমাৰ সমিতিৰ মহাব্ৰত মানি শিৰত ললোঁহঁক।—প্ৰতিজ্ঞা পালন, নাইবা শৰীৰ পতন। জয়, সংস্কাৰ-সমিতিৰ জয়!
সকলোৱে।—(সমস্বৰে) জয়, সংস্কাৰ-সমিতিৰ জয়!