পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ ভাগ ... সংঘ আৰু ৰাজ্য সমূহৰ অধীনস্থ সেৱাসমূহ প্ৰথম অধ্যায়-সেৱা সমূহ নিৰ্বাচন। . ৩০৮। প্ৰসংগক্ৰমে অন্যথা অপেক্ষিত নহলে, এই ভাগত থকা ৰাজ্য পদে [জম্মু আৰু কাশ্মীৰ ৰাজক অন্তৰ্গত নকৰে।]. সংঘৰ বা কোননা:. ৩০৯। এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে সমুচিত বিধান মণ্ডল-অধিনিয়মে সংঘ বা ৰাজ্যৰ সেৱা কৰা কোনো ৰাজ্যৰ কাম-কাজৰ লগত সম্পৰ্ক থকা লোক-সেৱা আৰু পদ সমূহত নিযুক্ত ব্যক্তি সমূহৰ ব্যক্তিসকলৰ ভৰ্ত্তি... ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰিব ঃ আৰু সেৱাৰ চৰ্ত্ত পৰন্তু, এই অনুচ্ছেদৰ অধীনত সমুচিত বিধান মণ্ডলৰ কোনো অধিনিয়মৰ দ্বাৰা বা অধীনত সেই সম্পৰ্কত উপবন্ধনকৰালৈকে, সংঘৰ কাম কাজৰ লগত জড়িত থকা সেৱা আৰু পদৰ বিষয়ত ৰাষ্ট্ৰপতিয়ে বা তেওঁৰ দ্বাৰা নিৰ্দেশিত কোনো ব্যক্তিয়ে আৰু সেইদৰে ৰাজ্যৰ কাম-কাজৰ লগত জড়িত থকা সেৱা আৰু পদৰ বিষয়ত ৰাজ্যপালে ২f নই ] বা তেওঁৰ দ্বাৰা নিৰ্দেশিত কোনো ব্যক্তিয়ে নিযুক্ত হোৱা ব্যক্তিসকলৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰি নিয়মাৱলী প্ৰণয়ন কৰিবৰ কাৰণে সক্ষম হব আৰু এনেভাৱে কৰা কোনো নিয়মাৱলী তেনে অধিনিয়মৰ উপবন্ধ সমূহৰ সাপেক্ষে প্ৰভাৰী হব। সংঘৰবা কোনো ৩১০।(১) এই সংবিধানৰ দ্বাৰা স্পষ্টভাৱে উপবন্ধিত অৱস্থাৰব্যতিৰেকে,সংঘৰ কোনো প্ৰতিক্ষা ৰাজ্যৰ সেৱা কৰা সেৱা বা কোনো অসামৰিক সেৱা বা কোনো সৰ্ব্ব ভাৰতীয় সেৱাৰ সদস্যভুক্ত অথবা সংঘৰ অধীনত ব্যক্তিসকলৰ প্ৰতিৰক্ষা সম্পৰ্কীয় কোনো পদ বা কোনো অসামৰিক পদ ধাৰণ কৰা প্ৰতিজন ব্যক্তি ৰাষ্ট্ৰপতি কাৰ্যকাল। প্ৰসাদ পৰ্য্যন্ত পদত থাকিব আৰু কোনো ৰাজ্যৰ অসামৰিক সেৱাৰ সদস্যভুক্ত অথবা কোনো ৰাজ্যৰ অধীনত কোনো অসামৰিক পদ ধাৰণ কৰা প্ৰতিজন ব্যক্তি সেই ৰাজ্যৰ ৰাজ্যপালৰ [ # ৯ প্ৰসাদ পৰ্যন্ত পদত থাকিব। সমূহ।

(২) ৰাষ্ট্ৰপতি বা যথাস্থিতি মতে, ৰাজ্যপালৰ [ ] প্ৰসাদ পৰ্য্যন্ত কোনো ব্যক্তি সংঘ বা কোনো ৰাজ্যৰ অসামৰিক পদত থকাৰ উপবন্ধ থকা সত্ত্বেও, যি সংবিদাৰ অধীনত সংঘ বা কোনো ৰাজ্যৰ প্ৰতিৰক্ষা সেৱা, সৰ্বভাৰতীয় সেৱা বা অসামৰিক সেৱাৰ সদস্যভুক্ত নোহোৱা কোনো ব্যক্তিক এই সংবিধান অনুসৰি এনে এটা পদ ধাৰণ কৰিবলৈ নিযুক্তি দিয়া হয় সেই সংবিদাত যদি ৰাষ্ট্ৰপতিয়ে বা যথাস্থিতি মতে ৰাজ্যপালে [. * ] বিশেষ অৰ্হতা সম্পন্ন ব্যক্তিৰ পৰা সেৱা পাবৰ কাৰণে আৱশ্যকীয় বুলি গণ্য কৰে তেনেহলে, চুক্তিবদ্ধ সময়ৰ অন্ত পৰাৰ আগতেই সেই পদ উঠাই দিলে বা তেওঁৰ নিজৰ একো কদাচাৰ জড়িত নথকা কোনো কাৰণত সেই পদ এৰি দিব লগা হলে তেনে ব্যক্তিক ক্ষতিপূৰণ দিয়াৰ উপবন্ধ কৰিব পাৰে। সংঘ বা কোনো ৰাজ্যৰ অধীনত অসামৰিক সামৰ্থ্যৰে নিযুক্ত হোৱা ব্যক্তিৰ পদচ্যুতি, পদৰ পৰা অপসাৰণ বা পদমৰ্যাদা হ্ৰাসকৰণ। ৩১১।(১) সংঘৰ কোনো অসামৰিক সেৱা বা কোনো সৰ্ব্ব ভাৰতীয় সেৱা বা কোনো ৰাজ্যৰ কোনো অসামৰিক সেৱাৰ সদস্যভুক্ত বা সংঘ নাইবা কোনো ৰাজ্যৰ অধীনত কোনো অসামৰিক পদ ধাৰণ কৰা কোনো ব্যক্তিক তেওঁক নিযুক্ত কৰা প্ৰাধিকাৰীতকৈ কোনো অধীনস্থ প্ৰাধিকাৰীয়ে পদচ্যুত বা পদৰ পৰা অপসাৰিত কৰিব নোৱাৰে। ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ২। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা বা “ৰাজ প্ৰমুখ” লোপ কৰা হৈছে। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা “যৰ্থস্থিতিমতে ৰাজ প্ৰমুখ” এই শব্দ সমূহ লোপ কৰা হৈছে। ৪। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা “ৰাজপ্ৰমুখ” লোেপ কৰা হৈছে।