পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বৈষ্ণৱী কীৰ্ত্তন।

হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
মানবী জনম সফল কৈলো, এ হৰি নাৰায়ণ॥
গোপাল গোবিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥



ৰাঘৱৰ অভয় চৰণে।
সত্যে সত্যে পশিলো শৰণে॥
ৰামৰ চৰণে শৰণ লৈলো।
মানবী জনম সফল কৈলো॥
হৰি ও হৰি চৰণে লাগো।
অভয় চৰণে শৰণ মাগো॥
ৰাম ৰঘুপতি ৰঘুনন্দন।
তোমাৰ চৰণে লৈলো শৰণ॥



দীনবন্ধু ৰাম দয়াশীল দেৱ।
তুৱা পদ কমলে সদায় কৰো সেৱ॥
মোৰ প্ৰভু ৰাম কৰুণাসাগৰ।
আমি দুঃখিতক নছাড়িবা দামোদৰ॥
মধুৰিপুৰাম কমললোচন।
তুৱা গুণ নাম ভৱভয় বিমোচন॥
বন্দো মাধৱ মধুৰিপু নাম।
তুৱা পদকমল যুগল হৰি এ।