পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩১)

গোসানীৰ বাণী, শুনি বিশ্বকৰ্ম্মে
 মনত আনন্দ ভৈলা।
লগে দশকুৰি, লৈয়া গোসানীক
 বিশ্বকৰ্ম্ম চলি গৈলা॥
হিমৱন্ত নামে, একগিৰী আছে
 ফলে ফুলে জক মক।
সেউতী মালতী, লবঙ্গ তুলসী
 আছয় আৰু অনেক॥
আকাশৰ গঙ্গা, তহিতে পৰিছে
 পৰশনে পাপ হব।
মণি মৰকতে, নানা শোভা কৰে
 দেখি মহা মনোহৰ॥
কতো বেলি যাই, বিশ্বকৰ্ম্মে পাইলা
 হিমবন্ত গিৰী বৰ।
এক পৰ্ব্বতক, চাৰিয়া গহ্বৰ
 তেহেন্তে সিদ্ধি সবৰ॥
বিশ্বকৰ্ম্মে যাই, তৈতে বসিলন্ত
 দেখি আতি বিতোপন।
কোকিল ময়ুৰে, সুললীত কৰি
 নাদ ত্যজে সৰ্ব্বক্ষণ॥
পশ্চিমত গঙ্গা, ৰহয় সৰ্ব্বদা
 ফলে ফুলে আছে জুৰি।