সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ অধ্যায়।
⸺:✱:⸺
অসমীয়া ভাষাৰ জতুৱা ঠাচ। (Idiom)

 মনৰ ভাব কথাৰে প্ৰকাশ কৰিবলৈ প্ৰত্যেক ভাষাৰ এটা লগত ওপজা ধৰণ আছে। সেই ধৰণ এৰি আনধৰণত কথা কলেও লগৰ মানুহে বুজিব পাৰে, কিন্তু কোনেও সেই ধৰণ সলাই কথা নকয়।

 দেশে দেশে যেনে ভাষা ভিন, সেইদৰে ভাষাই ভাষাই ভাব প্ৰকাশ কৰিবৰ ধৰণ ভিন। যি ভাষাৰ যেনে ধৰণ, তাক নিশিকিলে, সেই ভাষা শিকা নহয়। ভাষা এটাৰ শব্দবিলাক শিকি ললে, আৰু তাৰ শব্দবিভক্তি আৰু ক্ৰিয়াবিভক্তি আদি কিছুমান কথা জানি ললে, সেই ভাষাত কথা কব আৰু লিখিব পৰা যায়। কিন্তু সেই ভাষাৰ ভাব প্ৰকাশ কৰিবৰ সুকীয়া ধৰণটো নাজানিলে, ভাষাটো যথাৰ্থৰূপে শিকা নহয়। এক দেশৰ ভাষা আন দেশৰ মানুহে শিকিলে, ভাষাৰ সেই সুকীয়া ধৰণটো আয়ত্ত কৰি লবলৈ টান পায়। ইংৰাজী ভাষা শিকোঁতে আমাৰ মানুহে তাৰ সকলোখিনি শিকে, কিন্তু তাৰ ভাব প্ৰকাশ কৰিবৰ যিটো