এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
১০৩৩
"মেঘ-দূত”।
হেৰা, দেৱদূত, কটকী মেঘাই,
বাৰ্ত্তাবহ কালিদাসী,
বিশ্বদৰ্শী তুমি, ধীৰ, মৃদুগামী,
বিৰহীৰ প্ৰাণভাষী।
অনুৰোধ মোৰ,— অনতিপলমে
যোৱাঁ, স্বৰ্গধামই;
অমৰ সভাত মাৰিবাঁ ভুমুকি,
জুমি চাবাঁ মুখলই;—
দেখিবাঁ এখনি দীঘলী বয়ান,
অমায়িক সাম্যালয়;
দীৰ্ঘ অশৰীৰী, সবাত্কৈ ওখ,
হাঁহিমুৱা সদাশয়।
তেৱেঁ জানাঁ মোৰ সাদৰী জোৱাঁই,
বৰপুত্ৰ সমতুল;[১]
গল এৰি মোক আচম্বিতে হাঁয়,
প্ৰাণ কৰি বিয়াকুল?
প্ৰিয়তমা ভাৰ্য্য়া, পুত্ৰ, কন্যা, সৱো,
মৰ্ম্মব্যথা আমাসাৰ
কৰিবাঁ জ্ঞাপন;— দিবাঁহি উলটি,
পাবাঁ যিবা সমিচাৰ।
- ↑ * স্বৰ্গীয় সিদ্ধেশ্বৰ গোহাঞি, এম-এ, বি-এল, ডেপুটী কমিচনাৰ।