এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২০
ফুলৰ চানেকি।
বিৰহিণীৰ বিলাপ।
জয়মত।—নমৰি জীয়াই আছোঁ, আৰু কিবা আশা ধৰি?
আজিও ধৰিছোঁ দেহা, নাথ মোৰ গল এৰি!
যি গছৰ হই ছাঁয়া, ধৰিলো সংসাৰ মায়া,
নাই এবে সেই তৰু, ধৰো কায়া কেনে কৰি?
বেলাটো বিৰহ যাৰ, অসহনী লাগে ভাৰ,
নাই তেওঁ দিন চাৰি, আছোঁ মই দেহ ধৰি!
বহুভোজী প্ৰাণধন, নুবুজে অপৰে মন,
কি ভোগ মিলিছে হাঁয়, ভিখাৰী বেশেৰে ঘুৰি!
ৰাখাঁ প্ৰভু বিশ্বেশ্বৰ! সুখে মোৰ প্ৰাণেশ্বৰ,
অন্নপূৰ্ণা! দিবা ভোগ য’তে ত’তে অৱতৰি।
নগাৰ নগৰা বান্ধ, দিলো আঁটি আতি টান,
সহিছে কতনা জানো, কুৰূপ সাজেৰে ফুৰি!
বীৰবাহু পতিধন, উন্নত অদম্য মন,
আছে আজি কিনোমতে পৰ মন আগ কৰি?
দেশৰ মঙ্গল হেতু, ভাঙ্গি ললোঁ প্ৰাণসেতু,
কি সতে ধৰিছোঁ দেহা আজিও ই প্ৰাণ ধৰি।
* * *
আছাঁ ক’ত, কিবা ভাৱে,
প্ৰাণেশ্বৰ মোৰ। সঙ্কেতে মনৰ ভাব
বুজি কোনে আজি তুষিছে বিৰহী প্ৰাণ?—
বুজে কোনে মন তৱ এই দাসী বিনে!