পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগবঢ়ায়। ইয়াৰে ১.৬৭ বিলিয়ন বাজেটেৰী ছাপ’ৰ্ট হিচাপে আৰু ৭.৩৪ বিলিয়ন ক্ষুদ্ৰ ঋণ হিচাপে নেপালৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আগবঢ়োৱা হৈছিল। ভাৰতবৰ্ষই ইয়াৰ বাজেটত অন্তৰ্ভুক্ত বহিঃখৰচৰ হাৰ বঢ়াবলৈ মান্তি হৈছিল। বাজেটৰ শিৰোনামত নেপাললৈ সাহায্য শিতানত এই সাহায্য ১.০৪ বিলিয়নৰ পৰা ২.৪ বিলিয়নলৈ বৃদ্ধি কৰিছিল।

 কাঠমাণ্ডুলৈ উভতি যোৱাৰ পাছত কৈৰালাই প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ক ব্যক্তিগতভাৱে শান্তি প্ৰক্ৰিয়াটোৰ নেতৃত্ব বহন কৰিবলৈ জোৰ দিছিল। দুয়োজন মাওবাদী নেতাক এই সন্দৰ্ভত যোগাযোগ কৰা হৈছিল। কিন্তু তেওঁলোকে কৈৰালাৰ আশাত চেঁচাপানী ঢালি কাঠমাণ্ডুলৈ আহিবলৈ অস্বীকাৰ কৰে।

 এই প্ৰসংগত চিটাউলাই কয়— ‘বাৰম্বাৰ অনুৰোধ কৰাৰ পাছত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায় পতিয়ন গ’ল আৰু অৱশেষত তেওঁলোক মান্তি হ’ল। কিন্তু জনচক্ষুলৈ অহাৰ আগতে বহু কিবাকিবি কৰিবলগীয়া আছিল। সেয়ে মোৰ দেহৰক্ষী অবিহনেই মই হেলিকপ্টাৰেৰে তেওঁলোকক লগ কৰিবলৈ উৰা মাৰিছিলোঁ।

 জুন মাহৰ ১৪ তাৰিখে চিটাউলাই নেপালী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড° শেখৰ কৈৰালাৰ সৈতে কাস্কি জিলাৰ উত্তৰ পোখৰাৰ পাহাৰীয়া গাঁও চিকলিচলৈ ব্যক্তিগত হেলিকপ্টাৰেৰে উৰা মাৰে। চিকলিচ এখন ডাঙৰ গাঁও। সম্ভৱতঃ চিকলিচ নেপালৰ দ্বিতীয় বৃহৎ গুৰুং গাঁও। গুৰুঙসকলৰ পৰম্পৰাগত সংৰক্ষিত জীৱনশৈলীৰ বাবে ই বিখ্যাত। ইয়াৰ পৰা অন্নপূৰ্ণা আৰু লামজং পৰ্বতমালাৰ নৈসৰ্গিক শোভা সুন্দৰকৈ উপভোগ কৰিব পাৰি। প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায় দুয়োজনে সংগঠনৰ কামত তাত বাহৰ পাতি আছিল। চিটাউলাই এই প্ৰসংগত কয়—

‘মই যেতিয়া তাত উপস্থিত হৈছিলোঁ, মাওবাদী বিদ্ৰোহীসকল এখন
গাঁৱৰ গণসভাৰ কাৰণে মানুহবিলাকক সংগঠিত কৰা কামত ব্যস্ত
আছিল। মই চিকলিচত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ৰ লগত বিভিন্ন
বিষয় সন্দৰ্ভত প্ৰায় চাৰি ঘণ্টা সময় কথা পাতি কটাইছিলোঁ আৰু
অৱশেষত তেওঁলোকে কাঠমাণ্ডুলৈ অহাৰ দিন ধাৰ্য কৰিছিল।’

 জুন মাহৰ ১৬ তাৰিখে চিটাউলাই পুনৰ প্ৰচণ্ড আৰু ভট্টৰায়ক কাঠমাণ্ডুলৈ আনিবৰ নিমিত্তে পোখৰালৈ উৰা মাৰে। জনচক্ষুৰ সন্মুখলৈ অহাৰ আনন্দত প্ৰচণ্ডৰ পত্নী সীতা আত্মহাৰা হৈ পৰিছিল। এই আনন্দ ব্যক্ত কৰি তেওঁ কয়—

‘কাঠমাণ্ডুলৈ আহি নেপালী জনতাৰ সন্মুখত উপস্থিত হোৱাটো আমাৰ
জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। দশকজুৰি চলা গণযুদ্ধৰ সময়ছোৱাত
আমি এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। সেয়া
সঁচাকৈয়ে বৰ কঠিন জীৱন আছিল।’

১৩৬