পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
চণ্ডিকাখ্যান।


অৰণ্যত অগ্নি হেন,  প্রবেশি দৈত্য সেনাত,
  বিদাৰিলা হৃদয় দৈত্যৰ
দৈত্য সমে ৰণ কৰি,   চণ্ডিকা পৰমেশ্বৰী,
  তেজিলা নিশ্বাস যত যত।
তান হন্তে অগণন,  ভৈলা বাজ মাতৃগণ,
  দেবী সমে পশিলা ৰণত॥
দেবী পাৰিষদ গণ,  পৰশু মুষল শেল,
  লৈযা ভিন্দিপাল তৰােৱাল।
চণ্ডীৰ কৃপাত ৰণে,  নাশন্ত অসুৰ গণে,
  কৈলা ৰক্তে ধৰণী পঙ্কিল॥
যুদ্ধৰূপ মহােৎসবে,  কেহোঁ দেবী পাৰিষদে,
  বজাইলা ঢাক অসংখ্যাত।
কেহোঁবা বজাৱে শঙ্খ,  কৰে কেহোঁ মহাৰঙ্গ,
  দিলা তাল কেহোঁ মৃদঙ্গত॥
অনন্তৰে ভগৱতী,  কুপিতা অসুৰ প্রতি,
  খড়্গশক্তি ত্রিশূল গদাৰে।
অনেক অসুৰ প্রাণ,   কৰি দেবী বিনাশন,
  পঠাইলা যমৰ নগৰে॥
পাশেৰে বন্ধন কৰি,  অনেক অমৰ অৰি,
  ঘসাইলা চণ্ডিকা ভূমিত।