পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
চণ্ডিকাখ্যান।

হে দেবগণ, তৈলােহোঁ এসম,
 বাঞ্চিত কৰা বেকত।
দিবাে মই বৰ, অর্থে জগতৰ,
 সমস্তে মােৰ আদৃত॥
অমৰ বদতি,  মাৰ বিশ্বেশ্বৰি,
 এহি ৰূপে বাৰম্বাৰ।
জগত ৰক্ষণ, শত্রু বিনাশন,
 কৰিবাহা দিয়া বৰ॥
ত্রিদশৰ বাণী,  শুনি কাত্যায়ণী,
 বুলিলা সুধা বচন। (৮)
দানৱৰ ভীতি,  নাহিকে সম্প্রতি,
 যােৱা সবে নিজ স্থান॥
বৈবস্বত নামে, সপ্তম মনুত,
 অষ্টাবিংশ যুগে পুনঃ। (৯)
শুম্ভযে নিশুম্ভ,  নামে অন্য দুই,
 দানৱ হৈব উৎপন্ন॥
মই সিবেলাত,  নলৰ ঘৰত,
 যশােদাত হৈয়া জাত।

(৮) সুধাবচন অমৃত বাক্য।

(৯) বর্তমানেই বৈবস্বত মনুৰ অষ্টাবিংশ কলিযুগ।