পৃষ্ঠা:পচতি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পচতি।

কমল লোচন চাৰি ভুজে চাৰি অস্ত্ৰ।
কণ্ঠত কৌস্তুভ শোভে গাৱে পীতবস্ত্ৰ॥৭॥
অমূল্য কিৰীটি ৰত্নগণে পাৰে ঝিকি।
তাৰ ৰশ্মি কেশচয় কৰে চিকি মিকি॥
মকৰ কুণ্ডলে সুমণ্ডিত দুই কৰ্ণ।
সুন্দৰ শৰীৰ মেঘ সম শ্যাম বৰ্ণ॥৮॥
হিয়াত শ্ৰীবৎস পান্তি গলে বনমালা।
কটিত প্ৰকাশ কৰে ৰত্নৰ মেখলা॥
কেয়ুৰ কঙ্কণে কৰে কৰত দীপিতি।
পাদ পদ্ম দুখানিক দেখন্তে তৃপিতি॥৯॥
ৰত্নময় নুপুৰে কৰন্তে আছে ঘোষ।
যাক মনে ধৰি পাৱে ভকতে সন্তোষ॥
শৰীৰৰ জ্যোতি সূতি-গৃহ প্ৰকাশন্ত।
অদ্ভুত বালক বসুদেৱে দেখিলন্ত॥১০॥
মোহোৰ গৃহত উপজিলা নাৰায়ণ।
পৰম বিস্ময়ে ভৈল তবধ নয়ন॥
মিলিল সম্ভ্ৰম অতি উল্লসিল প্ৰাণ।
আথে বেথে সপটে কৰিল গৈয়া স্নান॥১১॥
কৃষ্ণৰ জন্মত পাইলা মহা আনন্দক।
অযুতেক ধেনুমানে দিলা ব্ৰাহ্মণক॥
বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰিহৰি।
কৰিবে লাগিল স্তুতি কৃতাঞ্জলি কৰি॥১২॥