সিফালৰপৰা খাই নিওঁতে নিওঁতে পিঠা অন্তই পৰিল! আৰু শেহত বান্দৰ লৰ মাৰি গছত উঠিলগৈ!
বান্দৰে সেই দৰে ঠগিলে বুলি বুজিব পাৰি মেকুৰী মাওঁ-মাওঁকৈ উঠিল; আৰু তাকে দেখি শিয়ালেও খেক্খেকাই বান্দৰক গালি পাৰিবলৈ ধৰিলে। কিন্তু, সবশেহত সিহঁতে নিজৰ মূৰ্খালি বুজিব পাৰি দুয়ো লাজত জঁয় পৰিল! এনেতে, সিফালে দোকানীয়ে তৰ্জ্জু বিচাৰি খলক্ লগাবলৈ ধৰিলে।অৱশেষত তেওঁ দেখিলে যে, অলপ নিলগত তৰ্জ্জুখন মাজতে লৈ এটা মেকুৰী আৰু এটা শিয়াল বহি আছে। দোকানীয়ে ভাবিলে যে, তেওঁ আঁতৰ হওঁতেই সিহঁতে দোকানৰপৰা চেনি চুৰকৈ নি খালে। এই ভাবি, তেওঁ খেদা মাৰি গৈ তৰ্জ্জুখন তুলি লৈ তাৰ নালেৰেই মেকুৰী আৰু শিয়াল দুইকো ভালকৈ দুটা মাৰ শোধালে। দোকানীৰ মাৰত চেতন পাই মেকুৰীয়ে মাওঁ-মাওঁ আৰু শিয়ালে শাওঁ-শাওঁ কৰি অতি দুখেৰে দিহাদিহি তাৰপৰা পলাই লৰ মাৰিলে!
⸻
ৰাজভক্তি।
আহোমৰ ৰাজভোগ যেই উকলিলে,
“মান দিন” উত্পাত্ সেই আৰম্ভিলে।
পিতৃহীন পুত্ৰ যেন অসমীয়া প্ৰজা,
ৰাজ্যত অশান্তি, নাই শান্তিদাতা ৰজা।