পৃষ্ঠা:নামতি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—নামতি—



আই মোৰ বৰ আই বাচিছে
আই মোৰ বকুল নিৰেমালি
আই মোৰ সৰু আই কৰণি ধৰা॥

আই মোৰ বৰ আই লাহতি
আই মোৰ সৰু আই পাহতি
আই মোৰ ফুলৰ বৰ বৰ কলি॥

আই মোৰ পচা শৰীলতে
আই মোৰ আয়ে ফুল বাচিছে
আই মোৰ এপাহী দুপাহী কৰি॥

আই মোৰ বাৰীৰে টগৰ ফুল
আই মোৰ কি দিলে হব জুৰ
আই মোৰ আয়ে জুৰ নকৰে মানে।

আই মোৰ আইৰে নাম সুমলা
আই মোৰ দিছে ফুলৰ মালা
আই মোৰ পানী যেন কৰিব গা॥

আই মোৰ আইৰ নাম মাদৈ
আই মোৰ দুখিতক দয়াকৈ
আই মোৰ দি যাবা হৃদয় জুৰাই॥