পৃষ্ঠা:নামতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
-নামতি-

বিষ্ণুৰূপে নাৰায়ণী গৰুণ্ড বাহিনী
শঙ্খ চক্ৰ গদা ধৰি ৰাখা ঠাকুৰাণী।
নাৰায়ণী কাত্যায়নী শক্তি সনাতনী
শৰণাগতক ৰক্ষা কৰা নাৰায়ণী॥

নাৰায়ণী কাত্যায়নী পুষ্প জুখি লোৱা
ক্ৰোধ দৃষ্টি এৰি মাতা সদয় দৃষ্টি হোৱা॥
ৰূপং দেহি জয়ং দেহি যশং দেহি আই
তোমাৰ চৰণে ৰক্ষা কৰিছা সদায়॥

বাৰে বাৰে ৰাখি আছা আই ভবেশ্বৰী
এই বাৰো ৰক্ষা কৰা কৃপা দৃষ্টি কৰি॥
ৰাখা ৰাখা মহামায়া মায়া বাঘে খায়
তুমি মাতা নেৰাখিলে ৰাখোতা যে নাই॥

ৰাখা কালী ৰাখা চণ্ডী এ ৰাখা মোৰ প্ৰাণ
জন্মেজয় সাগৰত কৰা পৰিত্ৰাণ॥
তুতি ভক্তি নেজানিলো এ নেপাও সেৱাৰ ভাও
আপোনাৰ গুণে তুষ্ট হোৱা যোগ মাও॥

ৰাখি আছা ভগবতী এ দয়াৰ কাৰণে
তোমাৰ দাসক ৰক্ষা ধৰিছো চৰণে॥
আমি অকিঞ্চন আই চৰণৰে বন্দি
তুষ্ট হোৱা হৈমৱতী দাসৰ সমন্ধি॥