পৃষ্ঠা:নামতি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
−নামতি−

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
 মধুপক জিনি আছে গমণী॥ (দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী।
নাগে পাশে বান্ধি থৈছে আপোনা-আপুনী॥ (দুৰ্গা তাঃ এ...

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
তোমাত পৰে সিদ্ধেশ্বৰী নাই ত্ৰিভূবনে॥ (দুৰ্গা তাঃ এ...)

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
তোমাত পৰ অন্নপূৰ্ণা নাই ত্ৰিভুবনে॥ (দুৰ্গা তাঃ এ... )

এ দুৰ্গা আহিছে হে হিমালয় ছাৰি
কিবা পুজা দিব লাগে নাজানিলো আমি॥ (দুৰ্গা তাঃ এ...)

এ দুৰ্গা আহিছে হে হিমালয় ছাৰি
তোমাকে পূজিবৰ দ্ৰব্য নেপালো বিচাৰি॥ (দুৰ্গা তাঃ এ...)

দুৰ্গাদেবী ভগবতী এ পশুপতি জায়া
চৰণ শৰণ লৈলো ৰাখা মহামায়া।
দুৰ্গতি নাশিনী দুৰ্গা দুঃখ বিনাশিনী
দুৰ্গতিক নাশ কৰা ভৈৰবী ভৱানী॥

দুৰ্গতি নাশিনী দুৰ্গা এ পদৰ তলে লাগো
ভকত বৎসল আই শুভ বৰ মাগো॥
দুৰ্গাপদে নৌকা খনি এ হৃদয়তে চৰে
আপদ কুম্ভীৰ ভয় সমুদ্ৰতে তাৰে॥