পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় তাঙৰণৰ নিবেদন

 ৺কমলানন্দ ভট্টাচাৰ্যদেৱৰ ‘নগা কোঁৱৰ’ প্ৰকাশ হোৱাৰ লগে লগেই আশাতীত সাফল্য আৰু জনপ্ৰিয়তা লাভ কৰে, ফলত নিচেই কম সময়ৰ ভিতৰতেই প্ৰথম তাঙৰণ শেষ হৈ যায়। কিন্তু পৰিতাপৰ বিষয় চাৰিওফালৰ পৰা ক্ৰমাগত চাহিদা আহি থকা সত্বেও লিখকৰ জীৱিতাবস্থাতে কিতাপখন পুনঃ প্ৰকাশ কৰি ৰাইজৰ অতৃপ্ত আকাঙ্ক্ষা। পূৰণ কৰিব নোৱাৰিলে। নানা আহুকাল বেমেজালিৰ লগত তেখেতৰ ভগ্নস্বাস্থ্য আৰু অকাল মৃত্যুই তাৰ নিমিত্তে দায়ী।

 দীৰ্ঘদিনৰ পিছত হলেও স্বৰ্গীয় নাট্যকাৰ কবিৰ উপযুক্ত পুত্ৰই কৃতী পিতাকৰ পৱিত্ৰ স্মৃতি ৰক্ষাৰ কাৰণে মন মেলাত আমি সানন্দে কিতাপখনৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰি ৰাইজলৈ আগ বঢ়ালোঁ। নাট্যামোদী অসমীয়া সমাজ তথা সদাশয় ৰাইজে ঠিক আগৰ দৰে এইবাৰৰ কিতাপখনৰ প্ৰতি মৰমসনা দৃষ্টিৰে চালে আমাৰ প্ৰচেষ্টা সাৰ্থক হব।


শ্বিলং
   প্ৰকাশক।
আঘোন ১৩৬২