এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২২ )
[ মৰিয়াই গীত গায় আৰু ঘৈণীয়েকে নাচে।]
ৰাগিণী খাম্বাজ—তাল খেম্টা।
মৰিয়া।—
মৰিয়াণী, নাচোন ধৰ্, কঁকাল মেচা কৰি,
কেটেপ্ কেটেপ্ ভৰি পেলাই ঠেও ধৰি ধৰি।
পাকে পাকে হাত ঘূৰা, লাহৰ চেং-চুলি উৰা,
নেওচা পৰক দিল্লীৰ বাই হেঁন্দুৰ অপেচৰী।
[ দুইৰো প্ৰস্থান।
তৃতীয় দৰ্শন।
স্বৰ্গপুৰী।
[ দুজন অপ্সৰীৰ প্ৰবেশ।]
ৰাগিণী খাম্বাজ-তাল একতালা।
অপ্সৰী।—
ভাৰতেশ্বৰৰ আজি অভিষেক দিন হে।
হিয়াত আমাৰ বাজে আনন্দৰ বীণ হে।
ৰজা ৰাণী দুয়ো জনে, মুকুট পিন্ধিব কেনে,
আহাঁ কৰোঁ পুষ্প-বৃষ্টি, মঙ্গলৰ চিন হে।
[পুষ্প বৃষ্টি।
( পট-সলনি।)
বিজুলী-চক্মকোৱা মেঘৰ গাত ৰজা আৰু ৰাণীৰ যুগল মূৰ্ত্তি।
[ দেৱ বাদ্য।
⸻
যবনিকা পতন।