পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 ৰাজীৱ বৰাৰ কবিতাই ইতিমধ্যে পাঠকৰ মনোজগতক চিন্তা আৰু উপলব্ধিৰ খোৰাক দিবলৈ সক্ষম হৈছে। তেওঁৰ কবিতাই ঘাইকৈ গ্ৰাম্য জীৱনৰ প্ৰাকৃতিকতাৰ প্ৰতি শ্ৰদ্ধাবোধ, সামাজিক দায়িত্ববোধ, ঐতিহ্যলব্ধ সাংস্কৃতিক পৃষ্ঠভূমিত আত্মানুসন্ধান, নৈসৰ্গিক প্ৰকৃতিৰ বিনন্দীয়া ৰূপশোভাৰ মাজেদি ৰোমান্তিক গীতিময়তাত অৱগাহন আদিৰ মাজতে নিজৰ পৰিধি স্থিৰ কৰি লোৱা দেখা যায়। উজনি অসমৰ লোকভাষাৰ বিশেষ ধৰণৰ ছান্দিল প্ৰয়োগৰ প্ৰতি তেওঁৰ দুৰ্বলতা আছে। কাব্যভাষাৰ নিজা বাট এটা বিচাৰিবলৈ তেওঁ নিৰন্তৰ অনুশীলন অব্যাহত ৰাখিছে। কবিতাৰ মাজেদি গল্প কোৱা কৌশলো তেওঁ সময়ে সময়ে গ্ৰহণ কৰা দেখা যায়।

 এই ‘তটিনী তীৰৰ খেলা’ৰ কবিতাখিনি কবি বৰাৰ আগ বয়সৰ ৰচনা। কিন্তু এই তাঙৰণৰ কবিতাসমূহ তেওঁৰ পৰিণত বয়সৰ কলমেৰে সম্পাদিত। কাৰণ কবিতা প্ৰথমে কিতাপ আকাৰে ওলাই যোৱা প্ৰায় এযুগ হ’ল। এটা যুগৰ পাচত একেখিনি কবিতাৰে একে ভাব একে ৰূপতে পৰিমাৰ্জন কৰি উলিওৱাৰ সমান শ্ৰমসাধ্য কামো তেওঁ কৰিবলৈ কুণ্ঠিত হোৱা নাই।

 তেওঁৰ কবিতাত ব্যঞ্জনাৰ পৰিৱৰ্তে ব্যঙ্গ সৃষ্টিৰ প্ৰয়াস বেছিকৈ অনুভূত হয়। কিন্তু সাৰ্থক ব্যঙ্গৰ পৰ্যায়লৈ নিবলৈ কবিতাৰ কৌশলগত বিবিধ উপাদান আৰু সূক্ষ্মভাৱে আহৰণ কৰিব পাৰিব লাগিব। কাৰণ, কবিতাই লিখিত শব্দবোৰক মাধ্যম হিচাপেহে ব্যৱহাৰ কৰে, লিখিত শব্দাৱলীয়েই আচল কবিতাটো নহয়।

 এই কবিতাখিনিয়ে যেনেকৈ কবিৰ কাব্যযাত্ৰাৰ আৰম্ভণিৰ চানেকি বহন কৰিছে সেইদৰেই আধুনিকতাৰ নামত যান্ত্ৰিকতাই গ্ৰাস কৰা অসমৰ কৃষিনিৰ্ভৰ নৈপৰীয়া সমাজ এখনৰ হুমুনিয়াহো এইখিনিৰ মাজত আছে। কবিতাখিনিৰ মাজত একোখন চিত্ৰই পাঠকৰ বুকুত খামোচ মাৰি ধৰিব খুজিব, আন একোখনে পাঠকৰ সংবেদনাক চকুৰ পানীলৈ ৰূপান্তৰিত কৰিব। ভাব আৰু বিষয়ৰ সৰলতাক ভাষাৰ জতুৱা গোন্ধটোৱে প্ৰায়েই তুলি ধৰিছে।

ড° মৃদুল শৰ্মা