পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিঃশেষ হৈছে। থিয় হ'ব পৰা নাই। পানীৰ তলত চোৰৰ দৰে সোঁত। মোক টানি পেলাই দিলে পানীত। পাৰ পাবলৈ এতিয়া কিছু বাকী। মোৰ দাঁতৰ চেপাত ভাৰ্জিন অৱ কাৰমেনৰ লকেট। গাৰ কাপোৰ আৰু ৰবৰ শ্বোলৰ জোতা ভীষণ গধুৰ হৈ পৰিছে। কিন্তু এই অসম্ভৱ কঠিন পৰিস্থিতিৰ পাছতো অবিচল মই। নিশ্চয় মই কাৰোবাক এতিয়া দেখিবলৈ পাম। পেণ্টটো নোখোলাকৈয়ে মই পানীৰ সেই গোপন সোঁতৰ বিৰুদ্ধে যুঁজ দি গ'লোঁ। ভাব হৈছে যেন মই জ্ঞান হেৰুৱাবলৈ ধৰিছোঁ।

 এতিয়া মোৰ কঁকাললৈকেহে পানী। আপ্ৰাণ চেষ্টাৰে আগুৱাই গ'লোঁ। পানী উৰুৰ সমান হ’ল কি নহ’ল, মই যেন এতিয়া বাগৰি পৰিম হামখুৰি খাই। আঁঠুকাঢ়ি হাতেৰে বালি খামুচি আগুৱাবলৈ ধৰিলোঁ ধীৰে ধীৰে। কিন্তু নাই, মোৰ দেহত আৰু অকণো শক্তি নাই। ঢৌৱে বাৰে বাৰে বগৰাই দিছে মোক। বালিৰ দানাবোৰত ঘঁহনি খাইছে আঁঠু দুটা। বুজিছোঁ, তেজো ওলাইছে, কিন্তু বিষ নাই। আঙুলিৰ মূৰবোৰৰ ছাল এৰাই গৈছে। তথাপি মই বালি খামুচি ধৰি আগুৱাবলৈ এৰা নাই। হঠাৎ মোৰ ভয় হ’ল। এনে লাগিল যেন মাটি আৰু সোণালী নাৰিকল গছবোৰ মোৰ চকুৰ সমুখৰ পৰা আঁতৰি যাবলৈ ধৰিছে।

 সম্ভৱতঃ বিগত দিনৰ ভয়ংকৰ অভিজ্ঞতাবোৰৰ বাবেই মোৰ এই বিভ্ৰান্তি। গোপন সোঁতে মোক উটুৱাই নিব পাৰে, এই ভয়ে মোক সতৰ্ক কৰি তুলিলে। যোগালে সাহস আৰু শক্তি। হাতৰ বিধ্বস্ত আঙুলিবোৰলৈ আৰু কোনো দয়া-মায়া নকৰাকৈ পুনৰ বালি খামুচি আগুৱাত লাগিলোঁ। দহ দিনৰ ভোক-পিয়াহ আৰু দেহৰ যন্ত্ৰণাক নেওচা দিয়াটো মোৰ বাবে সম্ভৱ নাছিল। মই উষ্ম, কঠিন মাটিৰ সেই পাৰত পৰি গ'লোঁ। কোনো দুশ্চিন্তা মনলৈ ননাকৈ, কাকো ধন্যবাদ নজনোৱাকৈ, উল্লসিত নোহোৱাকৈ, কেৱল ইচ্ছাশক্তি আৰু জীৱন তৃষ্ণাৰ বাবেই মই এটুকুৰা নিৰ্জন-নিঃশব্দ অচিন পাৰ বিচাৰি পালোঁ।

 মানুহৰ ভৰিৰ চিহ্ন

 পাৰত এক অনন্ত নিস্তব্ধতাই মোক ঢাকি ধৰিলে। তাৰ পাছত লাহে লাহে কাণত পৰিল অদূৰৰ ঢৌৰ শব্দ— যি মাজে মাজে কৰুণভাৱে জঁপিয়াই পৰিছে পাৰত। নাৰিকল গছৰ পাতৰ মৃদু মৰ্মৰ ধ্বনিয়ে বুজাই দিলে যে মই পাৰ আহি পাইছোঁ। নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ মই, যদিও মই নাজানো পৃথিৱীৰ কোন চুকত আহি উপস্থিত হৈছোঁ।

 বালিত বাগৰি শুই শুয়ে চতুৰ্দিশে দৃষ্টি দিলোঁ। কি যে ৰুক্ষ প্ৰকৃতি। যদি ইয়াত মানুহৰ উপস্থিতিৰ কিবা আভাস পাওঁ, তেন্তে সেয়া হ’ব ঈশ্বৰৰ আশীৰ্বাদ। আত্মতৃপ্তিৰে

৭৯