পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশেষ একো কাৰণ নোহোৱাকৈ। যি নহওক আজি কামত লাগিল। শক্তি অলপ ঘূৰাই পালোঁ। কিছু আশাৰো সঞ্চাৰ হ'ল। এনে লাগিছিল যেন হনুৰ বিষ কমাবলৈ মই এনেদৰে কাৰ্ডবোৰ অনন্ত কাল ধৰি চোবাই থাকিম পাৰিম। যদি এইবোৰ পেলাই দিলোহেঁতেন, কিয়েই যে ক্ষতি নহ'লহেঁতেন। কাৰ্ডবোৰ মোৰ পাকস্থলী পালেগৈ। কিয় জানো ভাব হ’ল, বাচি যাম মই। হাঙৰে মোক শেষ কৰি দিব নোৱাৰে।

 জোতাৰ সোৱাদ কেনে?

 কাৰ্ডবোৰ চোবাই যি তৃপ্তি পালোঁ— সিয়ে মোৰ ক্ষুধা আৰু অধিক বঢ়াইহে তুলিলে। এতিয়া আকৌ কি খাব পৰা যায়? ছুৰী এখন থকা হ'লে জোতাৰ ৰবৰৰ শ্বোলটো এৰুৱাই টুকুৰা-টুকুৰকৈ কাটি তাকেই চোবালোহেঁতেন। ওচৰতে আছে জোতাপাট। চাবিপাটেৰে পৰিষ্কাৰ বগা শ্বোলটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কোনোমতেই সফল নহ'লোঁ। টানকৈ আঠা লগোৱা আছে।

 পাগলৰ দৰে এইবাৰ বেল্টডালকে চোবাবলৈ ধৰিলোঁ। চোবাবলৈ গৈ দাঁতত বিষ উঠিল। এটা টুকুৰাও ছিঙি উলিয়াব নোৱাৰিলোঁ। মোক নিশ্চয় ৰাক্ষসৰ দৰে দেখা গৈছে। জোতা, বেল্ট, চোলা একোৱেই বাদ দিয়া নাই খাবলৈ। সন্ধিয়া নমাৰ সময়তে মই ইমান ঘামিবলৈ ধৰিলোঁ যে লংপেণ্টটো খুলি পেলাবলগীয়া হ'ল। পিন্ধি ৰ'লোঁ হাফ পেণ্টটোকে। নাজানো হয়তো কাৰ্ডবোৰ খোৱাৰে পৰিণতি। প্ৰচণ্ড টোপনিয়ে মোক হেঁচা মাৰি ধৰিলে। মই বোটৰ সমস্যাবোৰৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ইতিমধ্যে শিকি পেলাইছোঁ। ছটাকৈ নিশা সতৰ্ক হৈ থকাৰ পাছত এতিয়া ইমানে ক্লান্ত হৈ পৰিছোঁ যে কেতিয়ানো টোপনিত ঢলি পৰিলোঁ, কিমান সময়নো শুলোঁ একো টলকিবই নোৱাৰিলোঁ। মাজতে হয়তো ঢৌৰ খুন্দাত সাৰ পাই গৈছোঁ, ভয়ত চঁক খাই উঠিছোঁ। কিন্তু পিছ মুহূৰ্ততে পুনৰ ঢলি পৰিছোঁ টোপনিত।

 যেতিয়া টোপনি ভাগিল, সমুদ্ৰত মোৰ সপ্তম দিনটো আৰম্ভ হৈ গৈছে। কিয় জানো ভাব হৈছে এইটোও মোৰ শেষ দিনটো নহয়। সমুদ্ৰ শান্ত, মেঘময় আকাশ। আঠ বজাত সূৰ্যটো দেখা গ'ল আকাশত। যোৱা নিশা গভীৰ নিদ্ৰাৰ পাছত আজি কিছু সতেজ অনুভৱ হৈছে। মনৰ মাজত আশা এটাও সুৰসুৰাই উঠিছে। বোটৰ কাষলৈ ওলমি পৰা আকাশৰ বুকুত সাতটা গঙাচিলনী উৰিছে। উৰিছে ঠিক মোৰ বোটখনৰ ওপৰত।

 দুদিন আগতে সিহঁতক দেখি উল্লসিত হৈ পৰিছিলোঁ। কিন্তু তৃতীয়বাৰ সিহঁতক পুনৰ দেখিবলৈ পাই ভয় খাই গ'লোঁ। সম্ভৱতঃ সিহঁত সমুদ্ৰত জাকৰ পৰা পথ হেৰোৱা চৰাই। সকলো নাৱিকেই জানে, মাজে মাজে গঙাচিলনীবোৰ লক্ষভ্ৰষ্ট হৈ

৫৪